
💐দীপাংক মল্লবৰুৱাৰ নৱতম উপন্যাস ‘ফালাপ’💐
গ্ৰন্থ প্ৰকাশক: মণিকূট প্ৰকাশন
ইতিমধ্যে প্ৰান্তিকৰ পাতত প্ৰকাশিত অসমৰ খাৰুৱা তেলৰ অন্বেষণৰ ইতিহাসৰ ওপৰত আধাৰিত উপন্যাস ‘ডিগ বয় ডিগ’ ৰ স্ৰষ্টা, জনপ্ৰিয় লেখক দীপাংক মল্ল বৰুৱাৰ দ্বিতীয়খন উপন্যাস ‘ফালাপ’ প্ৰকাশ পালে ।
চিংফো ভাষাৰ শব্দ ‘ফালাপ’ৰ অৰ্থ হ’ল “কোমল পাত”, যিটো শব্দ চিংফো জনজাতিসকলে চাহক বুজাবলৈ ব্যৱহাৰ কৰে।
এই উপন্যাসখন অসমৰ চাহ উদ্যোগৰ ইতিহাসৰ ওপৰত আধাৰিত ।
কিন্তু ফালাপ কেৱল চাহ আৱিস্কাৰৰ কাহিনীয়েই নহয়; ইয়াত আছে চাহ উদ্যোগৰ লগত জড়িত মানুহৰ কাহিনী আৰু মানৱীয় সম্পৰ্কৰ উখান-পতনৰ এক জীয়া দস্তাবেজ।
‘ফালাপ’ ৰ বিষয়ে লেখকৰ
ভাষাৰে চমুকৈ —
“ফালাপ হ’ল চিংফৌসকলৰ পৰম্পৰাগত চাহ, যি চাহৰ সোৱাদে ৰবাৰ্ট ব্ৰুছক সম্ভেদ দিছিল অসমৰ হাবিত পোৱা বনৰীয়া চাহগছৰ৷
সেই ফালাপৰ পৰাই আৰম্ভ হৈছিল অসমত চাহ উদ্যোগ প্ৰতিস্থা কৰাৰ অবিস্মৰণীয় কাহিনী৷
এই যাত্ৰাত অসমৰ চাহ ব্যৱসায়ৰ চহকী ইতিহাসৰ লগতে এক সমসাময়িক, কাল্পনিক আখ্যানৰ সংমিশ্ৰণ ঘটিছে আৰু পাঠকক লৈ গৈছে অসমত চাহ খেতিৰ আৰম্ভণিৰ সেই দিনবোৰলৈ।
সেই কাহিনীৰে অনুসন্ধান কৰিবলৈ সাজু হৈছে ‘ডিগ বয় ডিগ’ৰ আপোনালোকৰ প্ৰিয় চৰিত্ৰ কেইটি – অনুপমা, কেভিন, ক্লাৰা, প্ৰশান্ত ৷”
আমাৰ দৃঢ় বিশ্বাস ‘ফালাপ’ এ পঢ়ুৱৈৰ মৰম বুটলি থাকিব।

