✍️দিতিমণি গগৈ এগৰাকী প্ৰতিষ্ঠিত লেখিকা তথা অনুবাদক।🌹

তেওঁৰ ইতিমধ্যে প্রকাশিত গ্রন্থকেইখন হ’ল— ইন্টাৰভিউত সফল হ’ব কেনেকৈ, জীৱন আৰু স্বাস্থ্য, পল ডানবাৰ এজন নিগ্রো কবিৰ জীৱন গাথা, মই মালালাই কৈছো আৰু পুণ্যাত্মা দালাই লামাৰ বিয়ণ্ড ৰিলিজিয়ন নামৰ অসমীয়া অনুবাদ ‘ধৰ্মৰ উদ্ধত’।

তেওঁ ভাৰতৰ আদালতসমূহৰ পৰিচয় আৰু বৃত্তান্ত সম্বলিত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্রকাশিত সুবিশাল গ্রন্থ ক’ৰ্টছ অৱ ইণ্ডিয়া- পাষ্ট টু প্রেজেন্ট নামৰ গ্ৰন্থৰ অসমীয়া সংস্কৰণ ভাৰতবৰ্ষৰ আদালতসমূহ অতীতৰ পৰা বৰ্তমানলৈ শীৰ্ষক গ্ৰন্থৰ মুখ্য অনুবাদক ।

সম্প্ৰতি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুবাদ শাখাৰ মূৰব্বী হিচাপে বিশেষ বিষয়া পদত অধিষ্ঠিত হৈ আছে।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ।

Leave a Reply

Your email address will not be published. Required fields are marked *