💐💐💐💐💐অতি প্ৰাচীন কালৰে পৰা বৰ্তমান সময়লৈকে যোগাযোগ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে।💐💐

যোগাযোগ অবিহনে মানৱ সভ্যতাই কেতিয়াও প্ৰগতিৰ জখলাত আগবাঢ়িব নোৱাৰে।

এজন ব্যক্তি বা যিকোনো কাৰ্যৰ সফলতা নিৰ্ভৰ বাবে যোগাযোগৰ ওপৰত।

যোগাযোগ কৰিবৰ বাবে কিছুমান সমলৰ আৱশ্যক হৈ পৰে।

মানৱ জীৱনৰ প্ৰতিটো দিশতেই যোগাযোগ ব্যৱস্থাক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।

ড০ নীৰাজনা মহন্ত বেজবৰাই এই দিশটোৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ‘যোগাযোগ কলা’ শীৰ্ষক গ্ৰন্থখন লিখি উলিয়াইছে।

এই গ্ৰন্থখন বিভিন্ন বৃত্তিত নিয়োজিত প্ৰতিজন ব্যক্তিৰ বাবেই যোগাযোগৰ ক্ষেত্ৰত হাতপুথি হিচাপে গ্ৰহণ কৰিব পৰা থল আছে।

শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চি.বি.চি.এছ পাঠ্যক্ৰমত প্ৰথম ষান্মাসিকত বাধ্যতামূলকভাৱেই ‘যোগাযোগমূলক অসমীয়া’ বিষয়ত পাঠ্যক্ৰম সংযোজন কৰিছে।

অসমীয়া ভাষাত এইধৰণৰ গ্ৰন্থৰ অভাৱ পৰিলক্ষিত হয়।

ড০ নীৰাজনা মহন্ত বেজবৰাই এই গ্ৰন্থৰ যোগেদি সৰ্বসাধাৰণ লোক, সাধাৰণভাৱে ছাত্ৰ-ছাত্ৰী আৰু বিশেষভাৱে ভাষা-সাহিত্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজন কাম কৰিলে।

💐💐💐এই গ্ৰন্থখনৰ ইতিমধ্যে চতুৰ্থ সংস্কৰণ প্ৰকাশ পাইছে। 💐💐💐

গ্ৰন্থখনৰ মূল্য ঃ ১৮০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *