
💐লালকিল্লাৰ সমীপৰ এখন চোৰ বজাৰ; অথবা ৰাস্কিন বণ্ডৰ পুৰণি ঘৰৰ পদূলি পাৰ হৈ যোৱা বহু কাহিনীৰে মণিকুন্তলা ভট্টাচাৰ্যৰ ‘ৰাজপুত্ৰ’; সচৰাচৰ অসমীয়া চুটিগল্পত ভুমুকি নমৰা বিষয়, পটভূমি আৰু চৰিত্ৰৰ নিৰ্মিতিৰে অগতানুগতিক স্বাদ-সমৃদ্ধ এটি গল্প-সংকলন।💐
দেশ-বিভাজনৰ মৰ্মন্তুদ ইতিহাসৰ পৰা ক’ভিডকালীন ল’কডাউন অথবা বিমুদ্ৰাকৰণ; গল্পবোৰৰ বিষয়-বিস্তৃতি চকুত লগা।
চৰিত্ৰবোৰতো একেই ভিন্নতা; কাহিনীবোৰে বহন কৰিছে ব্ৰহ্মপুত্ৰৰ বানে বিধ্বস্ত কৰা গাঁও এখনৰ বৰদলৈ নামৰ মানুহজনৰ পৰা গুজৰাটী কুন্তীবেন, মোহনলাল; অথবা হিমাচলী লিম্বুৰ জীৱনৰ বহু কথা ।
কাহিনী আৰু চৰিত্ৰৰ বিচিত্ৰতাৰ সমান্তৰালভাৱে গল্পকাৰৰ মন-পৰশা বৰ্ণনাশৈলী গল্পকেইটিৰ সৌন্দৰ্যৰ এক চমৎকাৰী উপাদান।
কছৌলী নামৰ পাহাৰীয়া চহৰ এখনৰ বৰ্ণনা দিয়া হৈছে এনেদৰে–
“… কছৌলী যেন দূৰ-সুদূৰৰ এটা মৰমলগা টিলা। য’ত ফুলে খৰিকাজাঁই। কদম গছেৰে ভৰা সৰু অৰণ্য। ক্ষীণ গভীৰ এখন নৈ। কদমৰ তলত প্ৰেমৰ বাঁহী বাজে। নৈ হৈ সুৰ বৈ যায় আৰু গোটেইখন আমোলমোলাই উঠে অচিন ফুলৰ সুবাসেৰে। ” (পৃষ্ঠা ৫৬)
সুন্দৰতাৰ এনে হৃদয় জুৰোৱা চিত্ৰণৰ অনুৰূপভাৱে জীৱনৰ কৰুণতাৰো অন্তৰ্ভেদী প্ৰকাশ এই গল্পবোৰ ; য’ত লিখা হৈছে সম্বন্ধৰ ভংগুৰতা, ৰোগগ্ৰস্ত বাৰ্দ্ধক্যই কঢ়িয়াই অনা শাৰীৰিক-মানসিক অৱসাদ নতুবা জীৱন-সংগ্ৰামৰ পীড়িত কৰা মানুহৰ অলেখ জীয়া কাহিনী।
অৱশ্যে কাৰুণ্যৰ মাজতো আছে পোহৰময় এনে বহু কথা; য’ত অসুখীয়া মাতৃয়ে ডিপ্ৰেচনৰ চিকাৰ হোৱা সন্তানক ৰাজপুত্ৰৰ দৰে ৰখাৰ সপোন দেখিছে, ‘ভদ্ৰঘৰৰ মহিলাই নানাচে’ বুলিয়েই নিজৰ সপোনক থাপিথুপি ৰখা মাতৃৰ বিপৰীতে কন্যাই সেই বন্দী সপোনৰ মুক্তিৰ বাট নিজেই বিচাৰি লৈছে; পিতাকক ক’ব খুজিছে —
“তোমাক অমান্য কৰা নাই পিতা, মই কেৱল মোৰ ভিতৰৰ ইচ্ছা আৰু স্বপ্নক মুকলি আকাশৰ তললৈ লৈ গৈছোঁ, নৃত্যই চৰিত্ৰ হনন নকৰে পিতা…। “(পৃষ্ঠা ৮৩)
প্ৰেমৰ অদেখা আৰু অব্যাখ্যেয় স্বৰূপ এটিও গল্পকাৰে বৰ হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে; যি প্ৰেম প্ৰকাশি উঠিছে সদ্যমৃতা গাভৰু এজনীৰ হতভগীয়া মাতৃ মিনতিৰ বেদনাৰে; অথবা স্বদেশ-প্ৰেমৰে সিক্ত জাগত সিঙৰ ‘স্মৃতিকথা’ নতুবা ‘মাতৃভূমি’ কবিতাৰে।
বিষয়বস্তুৰ গাম্ভীৰ্য আৰু সামাজিক গুৰুত্ব ‘ৰাজপুত্ৰ’ৰ গল্পসমূহৰ অন্যতম আকৰ্ষণীয় দিশ। গুটখা সেৱনৰ দৰে মাৰাত্মক অভ্যাস বা ব্যাধিৰ প্ৰসংগও কোনোটো গল্পৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে; য’ত গল্পকাৰে গুটখাই নমাই অনা জীৱনৰ বিপৰ্যয়ৰ কথা দায়বদ্ধতাৰে উপস্থাপন কৰাৰ লগতে খুব স্পৰ্শকাতৰভাৱে তুলি ধৰিছে তাৰ ধ্বংসমুখী পৰিণতি–
“… পৃথিৱীৰ মানুহবোৰে ঘৰত কেনেকৈ কয়গৈ বেমাৰটোৰ কথা, যিবোৰ মানুহে কাৰো হকাবধা নামানি কেৱল মুখত বাকি গৈছিল এটাৰ পিছত আন এটাকৈ গুটখাৰ পেকেট? “(পৃষ্ঠা ৮৯)
‘ৰাজপুত্ৰ’ পঢ়ি গল্প-ৰসিক পঢ়ুৱৈসকল পূৰামাত্ৰাই তৃপ্ত হ’ব; ই নিশ্চিত।
