🌹❤️❤️❤️❤️❤️❤️ ৰাগিণী🌹❤️❤️❤️❤️❤️❤️

উপন্যাস

✍️জুমি গগৈ

প্ৰকাশক: বনলতা, গুৱাহাটী

পটভূমি নাহৰকটীয়া মহাবিদ্যালয়।

মাতৃহীন নায়িকা ৰাগিণী নাহৰকটীয়া মহাবিদ্যালয়ত পঢ়িবলৈ গৈ লাভ কৰা বন্ধুত্ব আৰু প্ৰেমৰ এক কাহিনী।

নিসং জীৱনৰ পৰা বন্ধু আৰু প্ৰেমিক ৰূপে নীহাৰে মুখৰ হাঁহি ঘূৰাই অনাৰ এক কাহিনী।

আত্মীয় স্বজন থকাৰ পাছতো অনাদৰত ৰিক্ত হোৱা হৃদয়ৰ কাহিনী।

কলেজীয়া জীৱনৰ মাদকতা পূৰ্ণ এখন উপন্যাস।

কলেজীয়া জীৱনত আৰম্ভণিতে কলেজৰ সাধাৰণ সম্পাদক নীহাৰৰ চকু গৈছিল ৰাগিণীলৈ ।

দেখাৰ পৰাই সি বুকুত কঢ়িয়াই ফুৰিছিল তাইৰ নামৰ এক নতুন অনুভূতি।

ৰাগিণীও কঢ়িয়াইছিল বুকুত সংগোপনে নীহাৰ নামৰ অনুভূতিক।

নোকোৱাকৈ সুন্দৰ আছিল সময় বোৰ।

ব্যক্ত নকৰাকৈয়ে চকুৰ ভাষাৰে প্ৰকাশিত হৈছিল প্ৰেম ।

তাৰ মাজতে ষড়যন্ত্ৰৰ বলি হৈছিল নীহাৰ, ৰাগিণী।

মণীষা আৰু পাৰ্থৰ কুটিল চক্ৰান্তৰ বলি হৈছিল দুয়ো।

তথাপি –

“ভাল পোৱা সদায় ভাল পোৱাই।

যদি সম্পৰ্ক আত্মাৰ, ই নাভাঙেও, নিছিঙেও।

ৰৈ যায় আজীৱন।

হৃদয়ত আপোন জনৰ নাম লৈ…”

আপুনি পঢ়িলেনে বাৰু….🌹❤️❤️❤️❤️❤️❤️❤️❤️

Leave a Reply

Your email address will not be published. Required fields are marked *