এটি আধৰুৱা বাস্তৱ প্ৰণয় কাহিনী কিছু সাল-সলনি কৰি এখন উপন্যাস হিচাপে পঢ়ুৱৈ সমাজলৈ অনাৰ প্ৰচেষ্টাই হৈছে ‘ৰবি আৰু ৰজনী'( প্ৰণয় নদীৰ পিছল ঘাট )।
আমাৰ বেছিভাগৰে জীৱন গঢ়া সময়ত কৰোবাৰ প্ৰতি ভালপোৱা জন্মে।
তেতিয়াই নানান সপোন আৰু প্ৰতিশ্ৰুতিৰ জোঁৱাৰ উঠে।
এইয়া প্ৰাকৃতিকগতভাৱে স্বাভাৱিক ।
কিন্তু আমাৰ ইয়াত প্ৰশ্নটো হ’ল__বিফল হোৱাৰ ভিতৰত কেইজনে নিজক সংযত কৰি জীৱন গঢ়িছে বা কিবা এটা কৰাৰ প্ৰতিজ্ঞা লৈছে ?
কিছুমানে নিজৰ জীৱন শেষ কৰি দিয়ে ।
আত্মহত্যাৰ দৰে পথো বাচি লয় ।
সেয়া কেতিয়াও উচিত বা যুগুত নহয় ।
মাৰ গৰ্ভত কি এইটো কাৰণেই ন মাহ আছিলে ?
প্ৰেম প্ৰতাৰণা কিম্বা আন কিবা কাৰণতেই হওঁক সকলোৱে মনে বিচৰা গৰাকী নাপাব পাৰে ।
তাৰ মানে এইয়াই জীৱনৰ শেষ নহয় ।
সেয়া জীৱনৰ কিছু অংশ, জীৱন নহয় ।
জীৱনত কৰিবলৈ বহুত আছে ।
কেতিয়াবা সকলো ঘটনাৰ কাৰণ ক’ব পৰা নাযায় ।
যি কি নহওঁক,’ৰবি আৰু ৰজনী’ (প্ৰণয় নদীৰ পিছল ঘাট )ৰ জৰিয়তে ইয়াকে ক’ব খুজিছে যে যিকোনো পৰিস্থিতিতে অধৈৰ্য নহৈ নিজৰ কৰিবলগীয়া কামবোৰ কৰি যাব লাগে ।
আপুনি পঢ়িলেনে বাৰু….’ৰবি আৰু ৰজনী’ (প্ৰণয় নদীৰ পিছল ঘাট )।