
🌹🌹🌹পৰজা ঐ জৰৌৰৌৱা🌹🌹🌹
ইতিহাসৰ পৰা আমাৰ বহু কথা শিকিবলগা থাকে।
ইতিহাসে বাৰে বাৰে এটা প্ৰমাণ কৰি আহিছে যে নেতৃত্বৰ ভুলৰ বাবে বহু সময়ত বহু কষ্ট আৰু ত্যাগৰ মাজেৰে আগবঢ়া এটি আন্দোলনে বিপ্লৱৰ মৰ্যাদা পাবলৈ সক্ষম নহয়।
নেতৃত্বৰ ভুল সিদ্ধান্তৰ বাবেই কেতিয়াবা অজস্ৰ মানুহৰ আশা মুহূৰ্ততে ধূলিস্যাত হৈ যায়।
এটা বিফল আন্দোলনৰ বিৰূপ পৰিণাম বেছিকৈ ভোগ কৰিবলগা হয় সাধাৰণ জনতাইহে।
মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত ৰাঘৱ মৰাণৰ ভুলৰ বাবে এই বিদ্রোহে শেষ পৰ্যায়ত মুখ ঠেকেচা খাবলগীয়া হ’ল।
তাৰ পিছৰ পৰা বৰ্তমানলৈকে অসমত যিমানবোৰ আন্দোলন হৈছে সেই সকলোবোৰৰে বিফলতাৰ আঁৰত আমি নেতৃত্বৰ ভুল সিদ্ধান্তসমূহ লক্ষ্য কৰিব পাৰোঁ।
অতীত আৰু বৰ্তমানৰ ভিত্তিত এই ভুলবোৰকে ফঁহিয়াই চোৱাৰ চেষ্টা কৰা হৈছে এই উপন্যাসখনত।
🌹🌹🌹পৰজা ঐ জৰৌৰৌৱা🌹🌹🌹

