💐💐💐ৰজনীকান্ত বৰদলৈ ৰচনাৱলী💐💐💐

বিশিষ্ট অৱদানৰ জৰিয়তে স্মৰণীয় হৈ ৰোৱা অসমীয়া সাহিত্যিক সকলৰ ভিতৰত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ স্হান সদায় আগত।

অসমীয়া উপন্যাস-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাতা ৰজনীকান্ত বৰদলৈদেৱে “মিৰিজীয়ৰি”, “দন্দুৱাদ্ৰোহ”, “ৰঙ্গিলী”, “ৰহদৈ লিগিৰী”, “ৰাধা-ৰুক্মিণী ৰণ”, “তাম্ৰেশ্বৰী মন্দিৰ” আদি উপন্যাসৰ জৰিয়তে অসমৰ যুগমীয়া ইতিহাসৰ বহু অধ্যায় আৰু প্ৰাচীন অসমীয়া জীৱন-প্ৰবাহৰ বিচিত্ৰ ৰূপ সাহিত্যত প্ৰতিফলিত কৰাইছে।

বিশিষ্ট সমালোচক, লেখক,অধ্যাপক ড০ গোৱিন্দ প্ৰসাদ শৰ্মাই যথেষ্ট শ্ৰমেৰে “ৰজনীকান্ত বৰদলৈ ৰচনাৱলী” গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে।

অসমীয়া সাহিত্যৰ “উপন্যাস সম্ৰাট” ৰজনীকান্ত বৰদলৈৰ সমগ্ৰ সৃষ্টিৰ অন্তৰ্নিহিত বিষয় হৈছে ঐতিহাসিক পটভূমিত অসমীয়া সমাজখনক বুজাৰ চেষ্টা।

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা “ৰজনীকান্ত বৰদলৈ ৰচনাৱলী” এতিয়া বজাৰত উপলব্ধ। গ্ৰন্থ খনৰ মূল্য আঠশ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *