
💗 কিতাপ লিখাৰ অভিযান 💗
💐জয়ন্ত শৰ্মা💐
💐স্মৃতি ৰোমন্থন।
হোমেন বৰগোহাঞিৰ এটা লেখা পাইছিলোঁ, কেনেদৰে বৃদ্ধ আৰু তৰুণৰ মাজৰ পাৰ্থক্য উলিয়াব পাৰি। যিয়ে সদায় নিজৰ পুৰণি স্মৃতি ৰোমন্থন কৰি থাকে, তেওঁ বৃদ্ধ আৰু যিয়ে ভৱিষ্যতৰ সপোনক লৈ মজি থাকে তেওঁ তৰুণ। যদিও আজিৰ পোষ্ট স্মৃতি ৰোমন্থন, মই পিছে বৰগোহাঞিৰ সংজ্ঞামতে বৃদ্ধ বুলি মানি নলওঁ, কাৰণ তৰুণ হৈ থাকিবলৈ বহু সপোন এতিয়াও মোৰ মজুত আছে।
বহু বছৰৰ আগৰ কথা। বজালী কলেজৰপৰা বি এছ চি পৰীক্ষা দি উঠিলোঁ। এম এছ চিয়েই পঢ়া কথা। শুনিলোঁ বি এছ চি পৰীক্ষাৰ ৰিজাল্ট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিছন দেৰী হ’ব। কি কৰা যায়? হঠাৎ কিতাপ লিখাৰ চিন্তা এটাই লম্ভিলে। দেউতাৰ সাহিত্যৰ লগত বহুদিন ধৰি সম্পৰ্ক, সাহিত্য সভাৰ লগতো জড়িত, এম এছ চি পাছ কৰিয়েই দেউতাই এসময়ত ডাঙৰ ডাঙৰ পাঠ্যপুথি লিখিছিল, বাহিৰা কিতাপো লিখিছে। গতিকে বায়নৰ ঘৰত বোন্দাই ৰাগ টানিলোঁ।
সেই সময়ত মোৰ এজন খাচ স্কুলীয়া বন্ধুৱে গুৱাহাটীৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিল। প্ৰায়ে ঘৰলৈ আহে। লগ পায়েই থাকোঁ। পিছৰবাৰ আহোতে লগ ধৰিলোঁ। কেইবাদিনো গোপনে আলোচনা চলিল। আমাৰ পৰিকল্পনা কাকো জানিবলৈ দিয়াৰ ইচ্ছা নাছিল। ঠিক হ’ল, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ বাবে উপযোগীকৈ এখন ভাল অসমীয়া ৰচনাৰ কিতাপ উলিয়াম। বজাৰত থকা কেইখন ছাত্ৰছাত্ৰীৰ বাবে, বিশেষকৈ পৰীক্ষাৰ বাবে সিমান উপযোগী নহয়। ৰচনাবোৰ চুটি। অদৰকাৰী ৰচনাও এসোপা আছে। তেনে ধৰণে ৰচনা লিখিলে পৰীক্ষাত নম্বৰ পোৱা নাযায়। গতিকে দুয়োজনে মনে মনে কাম আগবঢ়াই নিলোঁ। আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰচনাৰ নোটবোৰ আছিলেই। আৰু দুখনমান সুমুৱালোঁ। মুঠতে ৰচনা একৈছখন হ’ল। হ’ব আৰু। বেছি হ’লে ছপা খৰচ বাঢ়িব। দুয়ো নিজেই ৰচনাবোৰ সম্পাদনা কৰিলোঁ। বিভিন্ন ধৰণে মোৰ হাতত কেইশমান টকা জমা হৈছিল। তাৰ হাততো কেইশমান আছিল। হ’ব বুলি ভাবিলোঁ। সকলো ফাইনেল কৰি কিতাপৰ নাম “ৰচনা জেউতি” দি এদিন পাণ্ডুলিপি লৈ পাঠশালাৰ সাৰথি প্ৰেছলৈ ওলালোঁ।
পাঠশালাৰ দুটা প্ৰেছৰ সেইটোৱেই ভাল আৰু নতুন। মেনেজাৰে আমালৈ চালে, অলপ আচৰিত হ’ল। সেই সময়ত আমাৰ বয়সৰ ছাত্ৰই কিতাপ লিখি ছপা কৰিবলৈ অহাটো অলপ বিৰল আছিল। তেওঁ যেতিয়া আমি পঢ়ি থকা ছাত্ৰ বুলি জানিলে সুধিলে আমি কিতাপ ছপোৱাৰ আগতে আমাৰ কোনোবা শিক্ষক বা কোনোবা সাহিত্যিকক দেখুৱাইছোঁ নে নাই। আমি কলোঁ দেখুৱাইছোঁ যিটো আমি কেতিয়াও কৰা নাছিলোঁ। যথাসম্ভৱ কামটো গোপনে ৰখাটোৱেই আমাৰ লক্ষ্য আছিল যাতে বেয়া হলেও কোনেও গম নাপায় আৰু আমি লাজ নাপাওঁ। শেষত তেওঁ একেবাৰে সামান্য লাভতে কিতাপখনৰ পাঁচশ কপি ছপাই দিবলৈ মান্তি হ’ল। তাতকৈ বেছি কপি ছপাবলৈ আমাৰ হাতত পইচা নাছিল। কিতাপ ছপা হৈ ওলাল। আমাৰ দুয়োয়ে গোপনেই প্ৰেছৰ মেনেজাৰক দোকানত চাহ খুৱাই অতি আনন্দেৰে আমাৰ প্ৰথম ছপা কিতাপ উদ্বোধন কৰিলোঁ।
ইতিমধ্যে বি এছ চি পৰীক্ষাৰ ৰিজাল্ট দিলে, ৰিজাল্ট বেছ ভালেই হ’ল। গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিছনো সোনকালে হ’ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল পোৱা নগ’ল। তেতিয়া আজিকালিৰ দৰে পিজি ব্যৱস্থা ব্যাপকভাৱে নাছিল। আমি পাঁচজন বন্ধুৱে ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলৰ সন্মুখত এটা ঘৰ লৈ মেচ কৰি গজগজীয়া হৈ বহিলোঁ। মোৰ খাচ বন্ধুজনকো লগ পোৱাটো সহজ হৈ উঠিল।
এতিয়া পুনৰ “ৰচনা জেউতি”ৰ কথা। পাঠশালা মোৰ জন্মস্থান। সেই সময়ৰ ইয়াৰ আটাইবোৰ কিতাপেই দোকানেই চিনাকি, মালিক-কৰ্মচাৰী সকলোৱে চিনি পায়। গতিকে আমাৰ কিতাপ ৰাখিবই লাগিব। দুশ কপিমান দিলোঁ, কমিছন অইনৰ দৰে। তেওঁলোকৰ আপত্তি, ছপা-বন্ধা বেয়া; আমাৰ কথা, দামযে বহু কম। এটা কথাই ক’লোঁ, গ্ৰাহকে ৰচনাৰ কিতাপ বিচাৰিলে আমাৰখনো যাতে দেখুৱায়। পাঠশালা শেষ কৰি গুৱাহাটীত ধৰিলোঁ। দেউতায়ো কিতাপ লিখিছিল বাবে দেউতাৰ জৰিয়তে গুৱাহাটীৰ পানবজাৰৰ দুখন দোকানৰ লগত চিনাকি আছিল। বাকী প্ৰায়বোৰলৈও গলোঁ। কিছুমানে ছপা বেয়া হোৱা বাবে ৰাখিব খোজা নাছিল যদিও জোৰ কৰি দিলোঁ। আমাৰ কথা পইচা এতিয়াই বিচৰা নাই নহয়! তেওঁলোককো একেই অনুৰোধ কৰিলোঁ, ছাত্ৰছাত্ৰীক মাত্ৰ দেখুৱাবলৈ। “ৰচনা জেউতি” আছিল ছাত্ৰৰ বাবে ছাত্ৰই লিখা কিতাপ। আমিহে জানোঁ ছাত্ৰ-ছাত্ৰীয়ে কেনে কিতাপ বজাৰত বিচাৰি থাকে। বিক্ৰী হ’বই বুলি নিশ্চিত আছিলোঁ।
তিনিমাহৰ পাছত আহিম বুলি গুছি আহিলোঁ। কিন্তু পানবজাৰৰ কিতাপৰ দোকানলৈ যাব লগা হয়েই, কিতাপৰ খবৰ কিন্তু নকৰোঁ। কেইমাহমানৰ ভিতৰতে প্ৰায়বোৰতে কিতাপ শেষ হ’ল। টোপনিয়াই থকা দুজনমান দোকানীৰ কিতাপ ৰৈ গ’ল। সেইবোৰ আনি উৎসাহী কেইজনক দিলোঁ। মুঠতে অতি সোনকালে কিতাপ বিক্রী হৈ গ’ল। দুই-এজন উৎসাহী দোকানীয়ে দ্বিতীয় সংস্কৰণ উলিয়াবলৈ ক’লে। আমি শলাগিলোঁ যদিও লাহে লাহে অধ্যয়নত মনোযোগ দিবলগীয়া হোৱা বাবে সময় নহ’ল। পৰৱৰ্তী কাহিনী চমু। কমিছন কাটি দি পইচা লৈ আহিলোঁ। হিচাপ কৰিলোঁ, ছপা খৰচ বাদ দিও আমাৰ কেইশমান টকা লাভ হ’ল। আৰু লগে লগে আমাৰ কিতাপ লিখাৰ প্ৰথম অভিযানৰ অন্ত পৰিল।■
