
💐💐💐💐💐ৰংমিলিৰ হাঁহি💐💐💐💐💐
প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনে অসমীয়া ভাষা-সাহিত্যত এক উল্লেখযোগ্য স্থান দখল কৰিছে।
‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন হৈছে প্ৰাক- স্বাধীনতা যুগৰ কাৰবি আংলং জিলাৰ পটভূমিত ৰচিত কাৰবি জীৱন-ধাৰাৰ এক মূল্যৱান দলিল।
কাৰবি সমাজৰ আৰ্থ -সামাজিক গাঁথনি, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক জীৱন-ধাৰা, শৈক্ষিক -সামাজিক দিশ, গীত -মাত আদিয়ে উপন্যাসখনক অনন্য মাত্ৰা দিছে।
একাধিক বঁটাৰে সন্মানিত হোৱা এই উপন্যাসখন অসম প্ৰকাশন পৰিষদে ১৯৮১ চনত প্ৰথম ছপা কৰিছিল।
মাত্ৰ ১৮০ টকা মূল্যৰ গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে।💐💐💐💐💐💐💐💐💐💐

