ধর্ম আৰু ধর্ম দর্শন বিষয়ত বহুকেইখন গ্রন্থ ৰচনা কৰা ড° গিৰীশ বৰুৱাৰ এইখন নৱতম গ্রন্থ।

অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে গ্রন্থ প্রণয়ন কৰি তেখেতে অসমীয়া আৰু ইংৰাজী ভাষাৰ সৌষ্ঠৱ বঢ়াইছে।

তদুপৰি উভয় ভাষাতে ৯০০ৰো অধিক প্রবন্ধ প্রকাশেৰে মানৱ চিন্তালৈ অনবদ্য বৰঙনি আগবঢ়াইছে।

ৱালটেয়াৰত থকা অন্ধ বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. লাভ কৰা ড° বৰুৱা দৰ্শনৰ অগাধ পণ্ডিত।

মানৱ সমাজৰ হিতচিন্তক, যুক্তিবাদী ড° গিৰীশ বৰুৱা বৌদ্ধিক সমাজ খনৰ বাবে এটি চিনাকি নাম।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় ক্ষেত্ৰতে ড° বৰুৱাই স্বীকৃতি লাভকৰিবলৈ সক্ষম হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহায়োত থকা বাউলিং গ্রীণ বিশ্ববিদ্যালয়ে প্রকাশ কৰা ফিল’ছফাৰ্ছ ইনডেক্সত, সাহিত্য অকাডেমিয়ে প্রকাশ কৰা হু’জ হু অব্ ইণ্ডিয়ান ৰাইটাৰ্ছ, আই.চি.পি. আৰে প্ৰকাশ কৰা হু’জ হু অব টিচাৰ্ছ এণ্ড স্কলাৰ্ছ ইন্ ফিল ‘চফি ইন্ ইণ্ডিয়া আদিত তেখেতৰ চমু জীৱনী প্রকাশ পাইছে।

অসম সাহিত্য সভাই অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, গোলাঘাট জিলা সাহিত্য সভাই মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা আৰু সৰ্বানন্দ দত্ত স্মাৰক সমিতিয়ে দার্শনিক ভবানন্দ দত্ত বঁটাৰে তেখেতক বিভূষিত কৰিছে।

আশা কৰোঁ, পঢ়ুৱৈ সমাজে তেখেতৰ গ্ৰন্থখনি আদৰি ল’ব।

মূল্য:৬০০/ টকা মাত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *