💐💐💐ডঃ হীৰেন গোহাঁয়ে লিখিছে💐💐💐

“বেছ কিছুদিন হ’ল ‘আমাৰ অসম’ত এনী হাজৰিকাই মুম্বাইৰ চিনেমা জগতৰ সংগীতৰ মহান সৃষ্টিশীল শিল্পীসকলৰ (যেনে গায়ক, সুৰকাৰ আৰু পৰিচালক) বিষয়ে প্ৰতি দেওবাৰে বিস্তাৰিতভাৱে লিখিবলৈ লৈছিল।

আন পাঠকৰ দৰে ময়ো কৌতূহলবশতঃ পঢ়িবলৈ আৰম্ভ কৰি শেষত পৰৱৰ্তী নিবন্ধৰ বাবে আগ্ৰহেৰে বাট চোৱা হৈছিলোঁ।

জীৱিতসকলৰ সাক্ষাৎকাৰ আৰু প্ৰয়াতসকলৰ বংশধৰসকলৰ স্মৃতিচাৰণৰ বিৱৰণীৰে প্ৰতিটো নিবন্ধ অন্তৰস্পৰ্শী হৈছিল।

বুজা গৈছিল স্ৰষ্টাসকলৰ সংগীত উপভোগ কৰাৰ উপৰি লেখিকাই তেওঁলোকৰ ব্যক্তিত্ব আৰু সাধনাক গভীৰভাৱে শ্ৰদ্ধা কৰিছিল।

এনে শ্ৰদ্ধাই গুণীসকলৰ সৃষ্টি সম্পৰ্কে আনৰ পক্ষে বিৰল অন্তৰ্দৃষ্টি লাভ কৰে। এনে কিতাপ অসমীয়া ভাষাত আৰু নাই।“

হিন্দী চিনেমাৰ স্বৰ্ণযুগ

এনী হাজৰিকা
দাম – ৪৫০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *