
💐💐💐💐হাৱা ভাল চলা নাই💐💐💐💐
বিপুল খাটনিয়াৰ
দাম – ১৭০ টকা
জন্ম ১৯৫৩ চন, তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত।
১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
ভূতত্ত্ব আৰু খনি বিভাগৰ চাকৰিয়াল খাটনিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া ।
‘নতুন পৃথিৱী’ত প্ৰকাশিত তেওঁৰ গল্পসমূহৰ মাজেৰে পঢ়ুৱৈৰ সুপৰিচিত হৈ পৰে।
তেওঁৰ উল্লেখযোগ্য গল্প সংকলনসমূহ— ‘খোজৰ শব্দ’, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখ অচিনাকি ছবি’ আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা।’
💐বিপুল খাটনিয়াৰৰ গল্প সন্দৰ্ভত বিশিষ্ট কবি আৰু সমালোচক মনোজ বৰপূজাৰীৰ অভিমত :-
“কেতিয়াবা ঘটনা আৰু পৰিৱেশ এনে জটিলতাপূৰ্ণ আৰু ভিন্নমাত্ৰিক হয় যে সৃষ্টিশীল লেখকে গতানুগতিক প্ৰথাৰে সিবোৰৰ অৰ্থ উদ্ধাৰৰ চেষ্টা কৰাটো মূঢ়মতিৰ সঁহাৰি (stock response)ৰ দৰে হৈ উঠে।
এণ্টন চেকভে চাইবেৰিয়ালৈ গৈ চাক্ষুষ অভিজ্ঞতাৰ বৰ্ণনা দিওঁতে ৰুছ সাহিত্যত সৰ্বময় হৈ থকা টলষ্টয়বাদৰ বিৰুদ্ধাচৰণ কৰিছিল।
তেওঁৰ যুক্তি হ’ল মানুহৰ দুখভোগ, ক্লেশ-যন্ত্ৰণাৰ বিৱৰণ দাঙি ধৰাত টলষ্টয়সুলভ বাস্তৱধৰ্মী প্ৰতিফলনেই যথেষ্ট নহয়; তাতোকৈ ভিন্ন স্তৰলৈ যোৱাৰ চেষ্টা কৰাহে যুগুত।
বিপুল খাটনিয়াৰৰ গল্পত অসমীয়া গল্প সাহিত্যৰ পৰিচিত বিষয়বস্তু আৰু তাৰ উত্থাপনৰ ভংগী অতিক্ৰম কৰাৰ এটা প্ৰচেষ্টা স্বস্তিদায়ক ৰূপত ধৰা পৰে।
ৰূপবন্ধৰ কষ্টকল্পিত প্ৰয়াসৰ চিত্ৰ তাত নাথাকে, বৰঞ্চ এক স্বাভাৱিক গতিসম্পন্ন অনুশীলনৰ চাপহে বিদ্যমান।“
💐গল্পগ্ৰন্থখন ইতিমধ্যে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো গ্ৰন্থ বিপণীত উপলব্ধ।💐

