চুটি চুটি কবিতা জাপানী কবিতাৰ দৰে।

জীৱন আৰু প্ৰকৃতি তাৰ প্রধান উপজীব্য।

লয় আৰু ছন্দ তাৰ গতি।

অতিকে ভাল লগা ।

কবিলৈ অভিনন্দন।

✍️❤️ সমীৰ তাঁতী

অসমৰ গছ-গছনি, নদী-পাহাৰ, ফুল-চৰাই, ৰাস্তা-পদূলি নিয়ৰ-কুঁৱলী আদিৰ সৌন্দৰ্য ভাবনাৰে দেৱজিত বৰাই যিবোৰ কবিতা লিখিছে সেইবোৰৰ চিত্ৰকল্পই আমাক বিমুগ্ধ কৰে।

জাপানী হাইকুৰ আর্হিত লিখা চুটি স্তৱকবোৰ চমকপ্রদ।

তেওঁৰ এই সংবেদনশীলতা, পর্যবেক্ষণ আৰু সৌন্দর্যচেতনা সঁচাকৈয়ে অসমীয়া কাব্য পাঠকসকলৰ কাৰণে আকর্ষণীয় হ’ব বুলি বিশ্বাস কৰোঁ।

তেওঁৰ এই কাব্যযাত্ৰাক ম‍ই অভিনন্দন জনাইছোঁ ৷

✍️❤️ নীলিম কুমাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *