
💐দেৱীকাই দেখা সপোনবোৰ বাস্তৱত প্ৰায়ে মিলি যায়। তাৰ ভিতৰত এটা সপোন তাই প্ৰায়েই দেখে। এটা লুংলুঙীয়া ৰাস্তাৰ শেষত এখন নৈ, নৈ পাৰ হৈ এটা মন্দিৰ, উত্তৰ পাৰত এখন পাহাৰ— লগত এজন সহযাত্ৰী।💐
ডাঃ চৌধুৰী, দেৱীকাৰ সহকৰ্মীজন প্ৰায়েই আচৰিত হয়, কেনেকৈ দেৱীকাই কিবাকিবি কথাৰ অনুমান আগতীয়াকৈ কৰিব পাৰে।
দেৱীকাৰ মতে, সকলো কথাৰে এটা সম্ভাৱনা থাকে। সূক্ষ্মভাৱে চালে, তাৰ এডাল সূতা থাকে।
সেই সূতাডালৰ আঁত ধৰি, কথাবোৰ অনুমান কৰিব পাৰি।
স্বামী ঋষি, কণমানি সন্তান জিউৰ সৈতে দেৱীকাৰ এখন সৰু সংসাৰ।
তাৰ পাছতো বিভিন্নজনৰ জীৱনৰ দুখ-নৈৰাশ্য, অৰ্থহীনতাৰ প্ৰশ্ন আৰু একধৰণৰ ভয়েই দেৱীকাক মাজে মাজে বিতত কৰি তোলে।
‘মই কথাবোৰ বেছিকৈ ভাবোঁ নেকি?’ দেৱীকাই সোধে শৈশৱৰ বন্ধু, মনোৰোগ বিশেষজ্ঞ দেবুক।
দেৱীকাৰ সপোনৰ অৰ্থ কি?
কাৰণ কি?
সহযাত্ৰী কোন?
দেৱীকাৰ ভয়ৰ কাৰণ কি?
সম্পৰ্কৰ জটিলতা, ভঙা-গঢ়া, ছেল্ফ ৰিয়েলাইজেশ্যনৰ পৰিক্ৰমা, অন্তৰ্দৃষ্টি, মানসিক জগতখনৰ বিচিত্ৰতা, জীৱনত শৈশৱৰ মনোজগতৰ প্ৰভাৱ আদি কথাৰে ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী’।
হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী
ডাঃ নমিতা বৈশ্য
দাম – ২৪০ টকা

