
হাদিৰাচকীত চন্দ্ৰকান্তৰ সন্ধানত 🌹🌹🌹🌹🌹
🌹🌹🌹🌹🌹অসমৰ বেলিমাৰৰ বিৱৰ্ণ ইতিহাস
ISBN : 978-93-93820-12-9
✍️🌹তপন কুমাৰ শৰ্মা
মুল্য: ২০০ টকা।
“অন্য এটা কথা কৈ থওঁ- এই ঘটনাৰ বছৰচেৰেক আগেয়ে, বদনচন্দ্র গুৱাহাটীৰ বৰফুকন থাকোতে, লক্ষ্মীনাথ কথা কোৱা বৰুৱা নামৰ লোক এজনৰ পৰামৰ্শত, হাদিৰাচকীৰ তেতিয়াৰ দুৱৰীয়া বৰুৱা পৰশুৰামক মতাই আনি, হাদিৰাৰ সংগ্রহিত কৰ পৰিশোধ কৰিবলৈ বাকী থকা বুলি, হাতীশালত বন্দী কৰি ৰাখিছিল।
এইবোৰ বাতৰি, চৰীয়া-পৰীয়াৰ যোগেদি বুঢ়াগোহাঁই ডাঙৰীয়াই গম পাই আছিল, পাছত পৰশুৰামক এৰি দিছিল; (পৃ-১৩৫)।
এই উমানন্দৰ শিৱ মন্দিৰটো বৰফুকন গড়গঞা সন্দিকৈয়ে নিৰ্মাণ কৰিছিল, গদাধৰ সিংহৰ সময়, চন ১৬৯৪।
মন্দিৰটো ১৮৫৪ আৰু ১৮৯৭ চনৰ দুয়োটা
বৰভূঁইকপত বেয়াকৈ ক্ষতিগ্রস্থ হয়। (পৃ-১৫৯)”।’
