সুলেখক ড৹ নন্দ সিং বৰকলাৰ বুৰঞ্জী মূলক উপন্যাস ‘হাদিৰাচকী’য়ে পাঠকৰ বিপুল সমাদৰ লাভ কৰাৰ বাবে প্ৰথম সংস্কৰণটি শেষ হৈ যোৱাত দ্বিতীয় সংস্কৰণটি সকলোৰে উপলব্ধ হোৱাকৈ প্ৰকাশ কৰি উলিয়াইছে।

উল্লেখযোগ্য যে যোৱা ১০ ডিচেম্বৰʼ২০২৩,শ্বহীদ দিৱসত নগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই গ্ৰন্থখন যশস্বী সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে উন্মোচন কৰিছিল।

অসমৰ সভ্যতা -সংস্কৃতিৰ এক জীৱন্ত দলিল ‘হাদিৰাচকী’।

অসমীয়া শিখসকলৰ বুকুৰ বেদনাৰ দস্তাবেজ উপন্যাস খনে বহন কৰিছে ৷

আলফাৰ তেজত তিতা দিনৰ বাটেৰে দিল্লীৰ শিখহত্যাৰ নাৰকীয় দিনলিপি ,খালিস্তানৰ বুকুৰে ভাৰতক বিভাজিত কৰিব বিচৰা কলংকিত ঘটনাপ্ৰৱাহ, অপাৰেচন ব্লুষ্টাৰৰ কদৰ্য ঘটনাক অতি স্পৰ্শকাতৰ ভাবে ‘হাদিৰাচকী’ৰ বুকুত লিপিবদ্ধ কৰোতে ঔপন্যাসিকে ইংৰাজৰ শোষণ-শাসন, মোগলৰ দৰে বিদেশীৰ ভাৰত আক্ৰমণ আৰু লুণ্ঠনক দাঙি ধৰিছে।

ঔপন্যাসিকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ সনাতন চৰিত্ৰ দৰ্শনক উপন্যাসখনত অতি সুন্দৰকৈ তুলি ধৰি মানবীয় অহিংসাৰ বুদ্ধমাতক প্ৰতিনিধিত্ব কৰাৰ বলিষ্ঠ ৰূপে পাঠকক ৰুচী প্ৰদান কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *