🌹🌹🌹🌹🌹🌹সোমনাথ🌹🌹🌹🌹🌹🌹

অনুবাদ ঃ কৃষ্ণা দেৱী চৌধুৰী

মুল্য:৫০০/- টকা মাত্ৰ।

আচাৰ্য চতুৰসেনৰ ‘সোমনাথ’ হিন্দী সাহিত্যৰ এখন কালজয়ী উপন্যাস।

মূলতঃ গজনীৰ চুলতান মহমুদ সোমনাথ মন্দিৰ আক্ৰমণ, ধ্বংস আৰু লুটপাটৰ শোকাৱহ ইতিহাসক ভিত্তি কৰিয়েই এই উপন্যাস খন ৰচনা কৰা হৈছে যদিও সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি, বিভিন্ন সৰু-ডাঙৰ ৰাজ্যবোৰৰ মাজৰ সম্পর্ক, ধর্ম-ব্যৱস্থা, সামাজিক আচাৰ-আচৰণ, গুজৰাটৰ বৈভৱ, ৰাজপুত্ৰৰ বীৰত্ব আৰু সাহস, একাধিক প্ৰেম আৰু ত্যাগৰ কাহিনীৰে আচাৰ্য চতুৰসেনৰ সোমনাথ এখন সুখপাঠ্য উপন্যাস।

ঐতিহাসিক তথ্যৰ উপৰিও গজনীৰ পৰা গুজৰাটলৈ দুৰ্গম পথেৰে মহমুদৰ দুঃসাহসিক যাত্ৰাৰ জীৱন্ত বৰ্ণনা, ৰাজপুত আৰু ম্লেছবাহিনীৰ যুদ্ধৰ শ্বাসৰুদ্ধকাৰী বিৱৰণ, ভগৱান আৰু ভক্তৰ সম্পৰ্ক তথা হৃদয়স্পর্শী প্ৰেমৰ বৰ্ণনাৰ বাবে প্রথম প্ৰকাশৰ সাত দশক পিছতো আচার্য চতুৰসেনৰ শিহৰণকাৰী ইতিহাসভিত্তিক উপন্যাস ‘সোমনাথ’ আজিও সমানেই জনপ্রিয়।

হিন্দী সাহিত্যৰ স্বনামধন্য সাহিত্যিক আচার্য চতুৰসেনৰ (১৮৯১-১৯৬০) সত্তৰোধিক গ্ৰন্থ প্ৰকাশিত হৈছে।

এই গ্ৰন্থ সমূহৰ আঠখন ইতিহাসভিত্তিক উপন্যাস, দহখন নাটক, চাৰিখন বুৰঞ্জীমূলক গ্রন্থ আৰু ত্ৰিশখন প্ৰবন্ধ সংকলন।

ইয়াৰ উপৰিও তেখেতৰ বহু সংখ্যক চুটি গল্প আৰু প্ৰবন্ধ বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল।

তেখেতৰ বিখ্যাত গ্রন্থ ‘বৈশালী কী নগৰবধু’ আৰু ‘ধৰ্ম পুত্ৰ’ৰ কাহিনীৰ আধাৰত নির্মিত চলচ্চিত্রই বিশেষ জনপ্রিয়তা অর্জন কৰিছিল।

কৃষ্ণা দেবী চৌধুৰীৰ দ্বাৰা চেমনীয়াৰ উপযোগীকৈ অনুদিত ‘ডন কুইক্সোট’, ‘ডেভিদ কপাৰফিল্ড’, ‘হাও গ্রীণ ৱাজ মাই ভেলি’, ‘টলষ্টয়ৰ সাধু’ আদিয়ে ইতিমধ্যে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছে।

‘নাৰীবাদ আৰু দক্ষিণ এছিয়াত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্ক কেইটামান প্রশ্ন’ আৰু অন্যান্য একাধিক অনুবাদ গ্ৰন্থৰ উপৰিও ‘প্ৰান্তিক, ‘লেখিকা’, ‘প্ৰগতিৰ ডেউকা’ আদি আলোচনীত তেখেতৰ বিভিন্ন প্রবন্ধ আৰু অনুদিত গল্প প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *