সোণ হৰিণৰ চেঁকুৰ

💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐
💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐
💐আমি নৱপ্ৰজন্মই বৰ্তমান সোণৰ হৰিণ বিচৰাতে অগ্ৰসৰ হৈ থকা নাই জানো!💐
গ্ৰন্থ : সোণ হৰিণৰ চেঁকুৰ।
লেখিকা : অনুৰাধা শৰ্মা পূজাৰী।
মই শেহতীয়াকৈ পঢ়া আন এখন উপন্যাস হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ 'সোণ হৰিণৰ চেঁকুৰ'।লেখিকাই নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক -যুৱতী, কিশোৰ -কিশোৰীৰ হাতত তুলি ধৰিছে.... যিসকলে জীৱনৰ পৃথিৱী জয় কৰিব খোজে, গান গাব খোজে মুক্ত পখীৰ দৰে, যি পৰীক্ষাৰ নম্বৰেৰে নোজোখে নিজৰ যোগ্যতা,অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব লগা হ'লেও যি আত্মহত্যা কৰাৰ কথা নাভাবে,যি ভাবিব পাৰে নিজেই নিজৰ প্ৰেমিক বুলি, যি বিচাৰে নিজৰ উপস্থিতিৰে পৃথিৱীখন সুন্দৰ কৰিবলৈ,মাথোঁ তেওঁলোকৰ হাতত উপন্যাসখন তুলি দিছে।
যোৱা কিছুবছৰৰ পৰা, শিক্ষাজগতৰ লগতে,নৱপ্ৰজন্মৰ মনস্তত্বৰ আমূল পৰিৱৰ্তন হৈছে।এটা বা দুটা সন্তান ডাঙৰ-দীঘল কৰা হয় অভিভাৱকৰ অপূৰ্ণ ইচ্ছা পূৰণৰ স্বাৰ্থত।শিক্ষাৰ অৰ্থ হৈ পৰিছে নম্বৰৰ প্ৰতিযোগিতা আৰু অৰ্থ উপাৰ্জনৰ লক্ষ্য।এই সামাজিক মনস্তত্বই,উঠি অহা প্ৰজন্মৰ মন আৰু মগজুত প্ৰচণ্ড চাপৰ সৃষ্টি কৰে।বিজ্ঞান-প্ৰযুক্তিয়ে দিয়া সুযোগ গ্ৰহণেৰে,কৈশোৰ-যৌৱন আবদ্ধ হৈ পৰে অকালপক্ক কৌতূহল,নিষিদ্ধ আনন্দৰ সন্ধানত।আজিৰ প্ৰজন্ম নিঃসংগ।পৰিয়াল আৰু সমাজে,এই প্ৰজন্মক 'সোণ হৰিণ'ৰ মায়াৰ পিছে পিছে দৌৰিবলৈ বাধ্য কৰাইছে।আজিৰ প্ৰজন্ম অতি বাস্তৱবাদী,মেধাৱী,বুদ্ধিমান আৰু জেষ্ঠজনতকৈ বেছি সংবেদনশীল।এই যুৱসম্পদ সঠিকভাৱে পৰিচালনা কৰিবলৈ অভিভাৱক,সমাজ...সময়ৰ সৈতে দৌৰিব লাগিব,কিন্তু সেয়া এতিয়াও সম্ভৱ হোৱা নাই।আজিৰ প্ৰজন্ম খঙাল,আৱেগিক আৰু অপৰাধপ্ৰৱণ হোৱাৰ বাবে আমাৰ সমাজ,অভিভাৱক দায়ী।নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ" চুইছাইড নোট" কবিতাটিৰে উপন্যাসৰ আদিপাঠ অংকিত কৰিছে। মাক-দেউতাকে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যৰ উচ্চতা চুব নোৱাৰি লক্ষ্যৰ পিছে পিছে দৌৰি ভাগৰুৱা হোৱা সন্তানে নিজে এনে এটা উচ্চতা বাছি লয় যে কোনোদিনে আৰু নামি আহিব নোৱাৰে(আত্মহত্যা)।
উপন্যাসখনত ৰাজনীশ,শেখৰ,প্ৰণামী,বেবী,বিদিশা,বিৰিণা,শিৱানী ইত্যাদি ইত্যাদি কিছুমান মেধাৱী ল'ৰা-ছোৱালীৰ চৰিত্ৰ অংকিত কৰিছে। আটায়ে গুৱাহাটীত অধ্যয়ন কৰি আছে..কোনোৱে কটনত,সন্দিকৈ কলেজ,বি বৰুৱা কলেজত।হোষ্টেলত থাকে....সিহঁতবোৰৰ মাজত হোৱা কথোকথন;সচৰাচৰ আজিৰ প্ৰজন্মই যিটো ঠাঁচত কথা পাতে সম্পূৰ্ণ তেনেকৈয়ে উপন্যাসখনত প্ৰকাশ কৰিছে। প্ৰণামীহতঁৰ ৰিজাল্ট দিছিল,শিৱানীয়ে ভৱামতে অৰ্থাৎ মাক-দেউতাকক সুখী কৰিব পৰা বিধৰ ৰিজাল্ট নোহোৱাত তাই চুইছাইড কৰিলে।শিৱানীৰ দেউতাক কলেজৰ প্ৰিন্সিপাল,গতিকে তাই ৮০ৰ তলত পাৰ্চেন্টজ পালে দেউতাকে কলেজত মুখ উলিয়াব নোৱাৰিব বুলি তাইক মাকে সকীয়নী দিছিল আৰু ভয়তে তাই তেনে পদক্ষেপ লবলৈ বাধ্য হ'ল।সিদ্ধাৰ্থ , যি চাকৰিৰ খাতিৰত অসমৰ বাহিৰত থাকে..।সি শিৱানীৰ প্ৰেমিক,শিৱানীক লগ পোৱাৰ আশাৰে তাইৰ হোষ্টেললৈ আহিছিল,আহি শিৱানীৰ মৃত্যুৰ খবৰ পালে...এক মিনিটৰ বাবে যেন তাৰ পৃথিৱীখন স্তব্ধ হৈ গৈছিল।
প্ৰণামী,ঝৰ্ণা,চফীয়া,কিশলয় কলেজৰ পৰা ওলায় আহি আলোচনা কৰিছিল জীৱন সম্পৰ্কীয় কিছুকথা।প্ৰত্যকৰে কথাত এটা কথা প্ৰকাশ পাইছিল যে সকলোৱে মা- দেউতাকৰ সন্তুষ্টিৰে নিজৰ লক্ষ্যত আগবাঢ়িছে,নিজৰ সন্তুষ্টি নাই।'ব্ৰেইন ড্ৰেইন' ৰ মাত্ৰা যে আজিকালি বাঢ়ি গৈছে সেইকথাও সিহঁতকেইটাই পাতে।সিহঁতৰ লগৰে প্ৰসেনে আকৌ ড্ৰাগছ লয়।শেখৰৰ প্ৰণামীৰ প্ৰতি এটা ভালপোৱা ভাৱ আছে....কিন্তু শেখৰে খুলি কব পৰা নাই তাইক।এনেদৰেই আগবাঢ়ি গৈছে উপন্যাসৰ পৃষ্ঠাবোৰ।প্ৰণামীয়ে ক্ষমতা-প্ৰাচুৰ্যতা বিচাৰে..দিল্লীলৈ মাইক্ৰবায়লজি পঢ়িবলৈ যায়।
প্ৰণামী দিল্লীলৈ যোৱাৰ পিছত শেখৰে লগ পাই এমিলিক।এমিলি সুদূৰ ইংলেণ্ডৰ পৰা উপৰিপুৰুষ মি.ৰবিনচনৰ ডায়েৰী পঢ়ি অসম চাব আহিছে।শেখৰে তাইক গুৱাহাটীখন চোৱাত আৰু বিভিন্ন তথ্যৰ যোগান ধৰাত সহায় কৰি দিছে।এদিন এমিলিও গুচি যায় নিজৰ দেশলৈ;ইণ্টাৰনেটৰ মাধ্যমেৰে যোগাযোগ ৰাখে শেখৰৰ লগত।এমিলিক লগ পোৱাৰ পিছত শেখৰ যথেষ্ট সলনি হ'ল।সি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দি নিজৰ গাঁৱত এখন কলৰবাৰী পাতি স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিলে।
মাজতে উপন্যাসৰ পাতত স্থান পাইছে কলেজীয়া ছোৱালী বিদিশাই প্ৰেমৰ নামত বাহিৰৰ যুৱক ৰাজদ্বীপ চৌহানৰ পৰা পোৱা প্ৰতাৰণা।ইয়াৰোপৰি বিদিশাহতঁৰ লগৰে মৈত্ৰীয়ে শৈশৱত নিজৰ মোমায়েকৰ হাতত ধৰ্ষিতা হোৱা,ছোৱালী হৈ জন্ম হোৱাৰ বাবে সুলেখাই ঘৰখনৰ পৰা পোৱা দুব্যৱহাৰ আদিৰ কেইবাটাও ঘটনা উপন্যাসখনত প্ৰকাশ পাইছে।
যৌৱন তথা কৈশোৰত হোৱা প্ৰেম- ভালপোৱা,প্ৰেমত পোৱা প্ৰতাৰণা,কেৰিয়াত সমাজ তথা পৰিয়ালৰ প্ৰভাৱ,বন্ধুত্ব আদি বিভিন্ন পৃষ্ঠাৰ সমাহাৰ এই উপন্যাসখন।
।। সমাপ্ত।।
✍ সুকন্যা গাৰ্গী শইকীয়া।
আমগুৰি,শিৱসাগৰ