
💐💐💐সোণৰ খাৰু কলিজাৰ ছাঁ💐💐💐💐
যুগে যুগে প্ৰেমৰ যুগলবন্দীয়ে সমাজিক জীৱনত আৰ্হি আৰু প্ৰেৰণা স্বৰূপে কাম কৰি আহিছে।
ডাণ্ট-বিয়ত্ৰিছ, লেইলা-মজনু, জংকী-পানেই, জয়মতী-গদাপাণিকে আদি কৰি কতজনৰ নাম এখন দীঘলীয়া তালিকা আমাৰ হাতত আহি পৰে।
প্ৰেমৰ যুগলবন্দী মানেই ত্যাগ আৰু সংগ্ৰামৰ অনেক কাহিনী।
প্ৰেমৰ যুগলবন্দীত বান্ধ খাই প্ৰতিদিন প্ৰতিক্ষণ প্ৰেমৰ পৃথিৱীতে বিচৰণ কৰিব পৰাটো জানো সহজ কথা।
দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ বাবে ই তেনেই সহজ আছিল।
ওৰে জীৱন এজনে আনজনৰ প্ৰিয়ভাজন হৈ জীৱনটো আগবঢ়াই নিলে।
ইয়াত জীৱন সংগ্ৰাম গৌণ হৈ ৰ’ল। মাথোঁ ত্যাগৰ এখন ওখ দেৱাল দুয়ো দুয়োৰে বাবে নিৰ্মাণ কৰি ল’লে।
দেৱালৰ এই পাৰে থকা বহুতেই নাজানিলে দীপালি-নীলপৱনৰ জীৱন কাহিনী।
কিহৰ মোহনাত দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ বান্ধি ৰাখিলে দুয়ো দুয়োকে।
নীলিম আকাশ কাশ্যপে দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ জীৱনৰ বহুতে নজনা অথচ জানিবলগীয়া ঘটনাৰ সমাহাৰে লিখি উলিয়াইছিল সোণৰ খাৰু কলিজাৰ ছাঁ শীৰ্ষক উপন্যাসখন।
এই উপন্যাসখন দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ জীৱনৰ অনন্য দলিল।💐💐
