
💐💐💐💐সোণালী সূতাৰ সপোন :💐💐💐
লেখক ড° মৃদুল চন্দ্ৰ শৰ্মা ।
অসমীয়া উপন্যাস সাহিত্যত অসমৰ বহুতো লোক সংস্কৃতি, পৰম্পৰা আদিৰ অভাৱ অনুভৱ হয় ।
অসমৰ ঐতিহ্য মণ্ডিত পৰম্পৰাগত মুগা আৰু এৰী শিল্প এনে এক উদাহৰণ।
এই দুই অমূল্য সম্পদক বিষয়বস্তুলৈ কাহিনী ভাগ উপস্থাপন কৰা হৈছে।
সোণালী সূতাৰ সপোন নামৰ উপন্যাস খন সম্ভৱতঃ ৰেচম শিল্প বিষয়ত আৰু কল্প আৰু অকল্পকাহিনী যুক্ত অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক উপন্যাস ।
উপন্যাস খনৰ কথাকতা স্বনামধন্য সাহিত্য অকাডেমি বঁটা বিজয়ী লেখক জয়ন্ত মাধৱ বৰাই সুন্দৰকৈ লিখি উপন্যাস খনৰ মান্যতা বৃদ্ধি কৰিছে ।
সুন্দৰ শিল্পী সূলভ সৃষ্টিকলাৰে বেটুপাত অঙ্কন কৰি প্ৰসিদ্ধ শিল্পী পাপু ঘোষ আৰু কৌশিক কিশলয় ডাঙৰিয়াই উপন্যাসখনৰ আঙ্গিক ভাৱে উন্নত কৰিছে।
লেখকে উপন্যাসৰ নায়কৰ আলমত বিভিন্ন বিষয় যেনে, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক চিনাকি দিয়া কেইপদমান অমূল্য সম্পদ তেনে, কাজিৰঙাৰ গঁড়, বৃহৎ নদী দ্বীপ মাজুলী, সেউজীয়া চাহ বাগিচা আদিৰ লগতে সোনালী মুগা ৰেচমৰ প্ৰয়োজনীয়তা আৰু প্ৰাধান্যতা বৰ্ণনা কৰিছে।
জৈৱ বৈশিষ্টৰে পৰিপূৰ্ণ মুগাৰ লগতে তিনি প্ৰকাৰৰ ৰেচম এৰী, পাট ৰেচম উপলব্ধ হোৱা অসম পৃথিৱীৰ ভিতৰতে এক একক তথা অন্যতম অঞ্চল।
মুগা আৰু এৰী শিল্প জীয়াই ৰখা পালক সকলৰ বৰ্ণময় জীৱন তথা ঘাত-প্ৰতিঘাত, উত্থান পতনৰ লগতে অন্যান্য আনুসংগিক দিশ সামৰি এখন উপন্যাস ৰচনা কৰা হৈছে ।
মুগাশিল্পৰ প্ৰাণকেন্দ্ৰ ঢকুৱাখনাক পটভূমি কৰি উপন্যাসৰ মূল কাহিনী আৰম্ভ কৰা হৈছে।
লেখকৰ ৩২ বছৰীয়া ৰেচম গৱেষণা ক্ষেত্ৰৰ চাকৰি জীৱনৰ বিভিন্ন দিশৰ অভিজ্ঞতা উপন্যাস খনৰ মূল সমল।
সামাজিক মাধ্যমত প্ৰকাশ পোৱা বহুত লেখা উপন্যাস খনত কাহিনীৰ লগত সঙ্গতি ৰাখি সন্নিবিষ্ট কৰা হৈছে ।
তিনিপুৰুষ ধৰি ৰেচম ক্ষেত্ৰৰ তিনিজন মুগা এৰী পালক তথা উদ্যোগীকলৈ উপন্যাস খনৰ কাহিনীভাগে গতি লাভ কৰিছে।
উচ্চ শিক্ষিত নৱপ্ৰজন্মৰ যুৱক এজনক মুগা এৰী উদ্যোগৰ লগত চৰিত্ৰায়ন কৰি শিল্পটিক জীয়াই ৰখাৰ আহ্বান উপন্যাসখনৰ এটি উল্লেখযোগ্য দিশ ।
শতিকাৰ ৰেচম ৰূপে পৰিগণিত এৰী শিল্পৰ লগতে সোনালী মুগাৰ বিভিন্ন সম্ভাৱনীয়তা সম্পৰ্কে উপন্যাসৰ আলমত বৰ্ণনা কৰা হৈছে।
পৰিবেশ প্ৰদূষণ, গোলকীয় উষ্ণতা, জৈৱিক কৃষি, পৰম্পৰাগত জ্ঞান আদি সকলো দিশ উপন্যাসখনৰ চৰিত্ৰৰ যোগেদি উপস্থাপন কৰা হৈছে।
তথাকথিত বৃদ্ধাশ্ৰমৰ সলনি এক নতুন সংহত কৃষি প্ৰকল্পৰ যোগেদি নিৰাশ্ৰয়, বিপদগ্ৰস্ত পুৰুষ মহিলাক আশ্ৰয় তথা সংস্থাপন দিয়াৰ কথাও উপন্যাসৰ কাহিনীত স্থান পাইছে ।
কাহিনীৰ প্ৰয়োজন অনুসৰি চৰকাৰী আঁচনি, গৱেষণা তথা অন্যান্য মুগা আৰু এৰী শিল্পৰ সকলো দিশ সামৰি এক নতুন মাত্ৰা দিবলৈ প্ৰয়াস কৰা হৈছে ।
সমালোচনাত্মক লেখাখিনি গঠন মূলক উদ্দেশ্যে চৰিত্ৰৰ যোগেদি উপস্থাপন কৰা হৈছে ।
শেষত ‘মুগা আছিল আৰু সদায়েই থাকিব’ এই আপ্তবাক্যৰে উপন্যাস লিখাৰ সপোন বাস্তৱায়িত কৰা ‘সোনালী সূতাৰ সপোন’ নামৰ উপন্যাসখন সমাপ্ত কৰা হৈছে।

