
💐💐💐গ্ৰন্থ সুবাস /গ্ৰন্থ যাত্ৰাৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐
💐💐💐আজিৰ অতিথি💐💐💐
✍শ্ৰীদিগন্ত বৈশ্য
বিষয়:”মোৰ প্ৰিয় গ্ৰন্থ”(৮)
১৮/০৭/২০২০
শুৱালকুছি।
প্ৰিয় ৰঞ্জন (ডেকা) ছাৰ,
শ্ৰদ্ধা গ্ৰহণ কৰিব। আশা কৰোঁ আপোনাৰ ভাল। যোৱাটো বছৰত মোৰ উপজা দিনত পোৱা গ্ৰন্থৰ ভিতৰত সত্য নাথ বৰাৰ "সাৰথি"অন্যতম। এই গ্ৰন্থত পোৱা মোৰ অনুভৱখিনি টোকা হিচাপে লিখি চিঠি আকাৰত আপোনালৈ পঠিয়ালো।
ছাৰ, অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ মহান গ্ৰন্থসমূহৰ ভিতৰত সত্যনাথ বৰাৰ "সাৰথি"এখনি লেখত ল'বলগীয়া গ্ৰন্থ বুলি মই ভাবো। মানৱ জীৱনৰ দিক-দৰ্শকৰূপী এই গ্ৰন্থখনি চাৰিটা ভাগত ভগোৱা হৈছে। প্ৰথম ভাগত ৮ টা, দ্বিতীয় ভাগত ৯টা, তৃতীয় ভাগত ১০ টা আৰু চতুৰ্থ ভাগত ৭ টা প্ৰবন্ধৰে সৰ্বমুঠ ৩৪ টা প্ৰবন্ধ এই গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে।
১ম ভাগত মনুষ্য জীৱনৰ লক্ষ্য, বিদ্যা, পুথি অধ্যয়ণ ,বৰলোকৰ চৰিত্ৰ অধ্যয়ণ, বস্তুবিজ্ঞান অধ্যয়ণ, বিশ্ব অধ্যয়ণ, দেশ ভ্ৰমণ আৰু চিন্তাৰ বিষয়ে আলোকপাত কৰা হৈছে যিবোৰৰ যোগেদি মানুহে কিদৰে জীৱনত উদ্গতি কৰি আগুৱাই যাব পাৰিব, তাৰ বহল ব্যাখ্যা আগবঢ়োৱা হৈছে। এই দিশবোৰ মানি চলিলে মানুহে জীৱনত উদ্গতি নকৰাৰ অৰ্থ থাকিব নোৱাৰে।
২য় ভাগত চৰিত্ৰ, দয়া, ন্যায়শীলতা,ক্ৰোধ, লোভ, অহংকাৰ, মিছালি, চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা আৰু অন্যৰ প্ৰতি ব্যৱহাৰ আদি বিষয়ে আলোচনা কৰা হৈছে। মানৱ জীৱনৰ উদ্গতিত এইসমূহে সাৰথিৰ দৰে কাম কৰি জীৱনটো আগুৱাই লৈ যায়। উদাহৰণস্বৰূপে খং বা ক্ৰোধ এক দুষ্ট প্রবৃত্তি , কিন্তু মানৱ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা ও নুই কৰিব নোৱাৰি। সৎভাবে ব্যৱহাৰ কৰিব জানিলে ই মহৌষধৰ দৰে কাম কৰে।
৩য় ভাগত কৰ্ম, শ্ৰম, উৎসাহ, অভ্যাস, ছেগ, হামাহি, প্ৰতিজ্ঞা, কৰ্তব্য জ্ঞান, ধনৰ ব্যৱহাৰ আৰু ৰাগীয়াল বস্তুৰ ওপৰত আলোচনা কৰা হৈছে। ওপৰোক্ত আটাইবোৰ দিশৰেই আমাৰ জীৱনত প্ৰয়োজন আছে। এইবোৰৰ ভাল-বেয়া দিশবোৰ আমি নিজে ঠাৱৰ কৰি জীৱনৰ উদ্গতিত তাক হাথিয়াৰস্বৰূপে ব্যৱহাৰ কৰিব লাগিব।
৪ৰ্থ ভাগত বৰাদেৱে স্বাস্থ্য, বাসৰ
ঠাই, বাসৰ ঘৰ,ভোজন, শয়ন, শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা আৰু ব্যায়াম সম্পৰ্কত আলোকপাত কৰা হৈছে। কিয়নো,এটি সুন্দৰ স্বাস্থ্যকৰ পৰিবেশ গঢ়ি এটি নিৰোগী জীৱন সজাই তুলিব পাৰিলেহে পূৰ্ণাংগ মানৱ জীৱনৰ অধিকাৰী হৈ জীৱনত উদ্গতি কৰিব পাৰি।
“সাৰথি”ত উল্লেখিত চাৰিটা ভাগৰ প্ৰতিটো প্ৰবন্ধৰ প্ৰতিটো শাৰীয়েই ইমানেই গুৰুত্বপূৰ্ণ যে সেইসমূহৰ এটা শাৰী বাদ দিও আলোচনা কৰা সম্ভৱ নহয়। তথাপি আমি ইয়াত দুই- এটা প্ৰবন্ধৰ এটি-দুটি বাক্য কবলৈ চেষ্টা কৰিম।
” সাৰথি”ৰ অন্তৰ্গত প্ৰথম ভাগৰ প্ৰথম প্ৰবন্ধ “মনুষ্য জীৱনৰ লক্ষ্য”ত বৰাদেৱে লিখিছে -“সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্গতিৰ ওৰ আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম।”অৰ্থাৎ, উদ্গতি মানে অন্ন-বস্ত্ৰ-গৃহৰ সা-সুবিধা হ’লে হাত সাৱটি বহি থকা নহয়।বৰং, কিদৰে সৎভাবে আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰি, তাৰ বাবে চেষ্টা কৰা উচিত। মনুষ্য জাতিৰ উদ্গতিৰ কোনো নিধাৰ্য সীমা নাই, আচলতে লাগি থকাটোৱেই উদ্গতিৰ দুৱাৰ। সেয়ে, কোৱা হয়-“লাগি থাকিলে মাগি নাখায়।
“পুথি অধ্যয়ন” প্ৰবন্ধত বৰাদেৱে লিখিছে –” পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়। মূলধন নহ’লে যিদৰে ধন আৰ্জিবলৈ টান, তেনেদৰে বিদ্যা নহ’লে বিদ্যা আৰ্জিবলৈ টান।”
“অহং কাৰ” সম্পৰ্কে কবলৈ গৈ লেখকে কৈছে যে অহংকাৰী মানুহৰ পৰম বিভূতি হৈছে অহংকাৰ, সেয়া অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অহংকাৰীয়ে কেতিয়াও আনৰ অনুগ্ৰহ মানি লবলৈ টান পায়।
তেনেদৰে, তৃতীয় ভাগৰ “শ্ৰম”প্ৰবন্ধত বৰাদেৱে লিখিছে –“শ্ৰমেই হৈছে সিদ্ধিৰ অমোঘ অস্ত্ৰ, কু-চিন্তাৰ পৰম ঔষধ।ই অসাধ্যকো সাধন কৰে। পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ।”
“ভোজন” সম্পৰ্কে কবলৈ গৈ লেখকে লিখিছে–“ভোকত ভাত, পিয়াহত পানী; ই নহ’লে কোনেও জীৱন ধৰিব নোৱাৰে। কিন্তু সেয়ে অতিৰিক্ত হ’লে স্বাস্থ্যৰ অপকাৰ কৰে। অতিভোজন ৰোগৰ মূল, এই এটা নীতিবচন। অতিভোজনৰ কাৰণে লোভ। লুভীয়া মানুহে ভাল বস্ত পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে।”
মুঠতে কওঁ,”সাৰথি”গ্ৰন্থখনি কেৱল মাত্ৰ এখনি গ্ৰন্থ নহয়, এইখনি মানৱ জীৱনৰ উদ্গতিৰ লগৰী, জীৱনৰ সাৰথি যিয়ে আমাক জীৱনৰ হেজাৰ বিপদ-বিঘিনি, ঘাত -প্ৰতিঘাত দূৰ কৰি সফল হোৱাত সহায় কৰিব।
ছাৰ, আৰু বিশেষ নিলিখো। আপোনাৰ উত্তৰলৈ বাট চাম।
ইতি—
আপোনাৰ ছাত্ৰ
দিগন্ত বৈশ্য,
শুৱালকুছি ।
মোৰ ঠিকনা—
দিগন্ত বৈশ্য।
গাওঁ/ডাক-শুৱালকুছি(পদ্মৰাম কাকতি পথ)।
জিলা: কামৰূপ (অসম)।
পিন:৭৮১১০৩।

