
💐💐💐💐💐সাহিত্য আৰু কলা💐💐💐💐
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সৃজনীশীল লেখক হিচাপে যিমান পৰিচিত, সিমানেই পৰিচিত ‘ ৰামধেনু”ৰ সম্পাদক হিচাপে এচাম ৰুচিশীল পাঠক সৃষ্টি কৰা আৰু প্ৰতিভাশালী লেখকক উদগনি যোগোৱাৰ বাবে।
তেওঁৰ প্ৰৱন্ধসমূহত তেওঁৰ প্ৰখৰ বুদ্ধিমত্তা , নৈৰ্ব্যক্তিকতা আৰু চিন্তাৰ স্পষ্টতা দেখিবলৈ পোৱা যায় ।
ড° ভট্টাচাৰ্যৰ ভাব-ভাষা, চিন্তা-চৰ্চা, দৰ্শন — সকলো ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত।
সাহিত্য, শিল্প-কলাৰ সকলো দিশতে তেওঁৰ পৰিশীলিত বৌদ্ধিক ৰুচি দেখা পোৱা যায় ।
তেওঁৰ প্ৰৱন্ধসমূহো তেওঁৰ প্ৰজ্ঞাৰ বুদ্ধিদীপ্ত প্ৰকাশ।
ড° ভট্টাচাৰ্যৰ সাহিত্য-কলা বিষয়ক এলানি গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰ সংকলন ” সাহিত্য আৰু কলা “।
তেওঁৰ চিন্তাৰ স্বচ্ছতা, অধ্যয়ন তথা জ্ঞানৰ গভীৰতা এই সংকলনত পৰিলক্ষিত হৈছে।
এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ মূল্য ১২০ টকা মাত্ৰ।

