💐💐অক্টাভিঅ’ পাজৰ কাব্যিক অন্তৰ্দৃষ্টি সম্পৰ্কীয় প্ৰবন্ধটিত লেখকে কৈছে💐💐

“… বৌদ্ধ দৰ্শনে শূন্যতাকেই আমাৰ অস্তিত্বৰ নিগূঢ় উৎস বুলি বিশ্বাস কৰে।

পাজৰ বাকভংগীত থকা ধ্যানমগ্নতায়ো এক শূন্যতাবোধক বহন কৰি থাকে।…কোনো কোনো ৰহস্যময় মুহূৰ্তত তেওঁ মৃত্যুৰ শূন্যতাক যেন আৱিষ্কাৰ কৰি পেলায়।

তেতিয়াই কবিয়ে সৌন্দৰ্য আৰু সংশয়ৰ দোমোজাত সৃষ্টিৰ বাবে কলম তুলি লয়। এই যে দ্বান্দ্বিক অভিজ্ঞতা- এই অভিজ্ঞতাই কবিক যেন জাননী দি যায় জীৱন অৰ্থাৎ the absolute আৰু মৃত্যু অৰ্থাৎ the eternityৰ সম্পৰ্কে…। “

সাহিত্যত অন্তৰ্লীন হৈ থকা জীৱনৰ স্বৰূপ অথবা উপলব্ধিৰ এক আন্তৰিক উন্মোচন ড০ দীপকজ্যোতি বৰুৱাৰ ‘সাহিত্যৰ বাটেদি জীৱন বিচাৰি’।

প্ৰবন্ধ সংকলনটিত সন্নিৱিষ্ট হৈছে লেখকৰ নিজস্ব দৰ্শন, অনুভৱ তথা বিশ্লেষণাত্মক দৃষ্টিকোণেৰে এমুঠি বছা বছা দেশী-বিদেশী সাহিত্যৰ মনোৰম আলোচনা।

গ্ৰন্থখনৰ এই বৈচিত্ৰ্যময় আলোচনাই সামৰি লৈছে —

মাৰ্কুৱেজৰ উপন্যাসৰ পৰা আৰম্ভ কৰি বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’, ড০ লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প’, হেমন্ত বৰ্মনৰ ‘বাহ বিচাৰি এজাক চৰাই’লৈকে। গল্প বিষয়ক আলোচনাত আছে টেমচুলা আও, ইমৰান হুছেইন, ড০ মদন শৰ্মাৰ গল্প।

একেদৰে কাব্যালোচনাৰ আওতালৈ অনা হৈছে য়েটছৰ কাব্যসিদ্ধি, অক্টাভিঅ পাজৰ কবিতাৰ অন্তৰ্দৃষ্টি,হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ সমাজমুখিতা, দেৱপ্ৰসাদ তালুকদাৰৰ কাব্যসৃষ্টিৰ বিশিষ্টতা আৰু অকবিতাৰ পৰা মুক্তি বিচৰা নীলিম কুমাৰৰ কবিতা।

লগতে সন্নিৱিষ্ট হৈছে ভূপেন হাজৰিকাৰ গীত, ড০ হীৰেন গোহাঁইৰ চলচ্চিত্ৰ সমালোচনা বিষয়ক আলোচনা। বব ডিলানৰ ‘স্মৃতিকথা’ আৰু পামুকৰ ‘সোঁৱৰণকথা’ও গ্ৰন্থখনিত সংযোজিত অন্য দুটি আকৰ্ষণীয় আলোচ্য বিষয়।

কথনৰীতি, বিষয়বস্তু আদি বিভিন্ন শৈল্পিক দিশৰ অৱলোকনেৰে আলোচিত গ্ৰন্থকেইখন হ’ল–বেকেটৰ ‘ৱেটিং ফৰ গডো’, ডাঃ কৈলাশ ভট্টাচাৰ্যৰ ‘অ মোৰ সোণালী ফিছাৰ মাছ’, নন্দ সিং বৰকলাৰ ‘আকৌ অৰণ্যৰ গান’, চন্দন গোস্বামীৰ ‘জানান্তিক’ আৰু ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ ‘গৰখীয়াৰ দেশ’ আৰু ‘পঞ্চাশত পঁশিচৰ প্ৰেম’।

বি এছ নাইপল,ঝুম্পা লাহিড়ী, পদ্ম বৰকটকী, এ কে আৰ, দিলীপ বৰুৱা আৰু ড০ নগেন ঠাকুৰৰ সাহিত্য সম্পৰ্কেও গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে একোটিকৈ প্ৰবন্ধ। কোনো নিৰ্দিষ্ট লেখক অথবা লেখা বিষয়ক এই আলোচনাসমূহৰ উপৰি সাহিত্য সম্পৰ্কীয় সামগ্ৰিক আলোচনাৰে গ্ৰন্থখনত আছে তিনিটা প্ৰবন্ধ– ‘চৰিত্ৰ চিত্ৰণত লেখকৰ জীৱনৰ প্ৰতিধ্বনি’, ‘অসমীয়া কাব্যসাহিত্যলৈ পৰাধীন অসমৰ অসামৰিক প্ৰশাসনিক বিষয়াৰ বৰঙনি’ আৰু ‘কবিতাৰ স্কুল’।

প্ৰবন্ধকাৰে মূলতঃ সৃষ্টিশীল সাহিত্যৰ সৈতে অংগাংগীভাৱে সংপৃক্ত অথবা সংযুক্ত হৈ থকা ‘জীৱন’ক অন্তঃস্থলৰ পৰা উদ্ঘাটন কৰাৰ প্ৰয়াস কৰিছে। বিভাস চৈধুৰীয়ে কৈছে–

“এই সংকলনৰ এটা মন কৰিবলগীয়া দিশ হৈছে বৰুৱাৰ সম্যক দৃষ্টিকোণ আৰু তাৰ আধাৰত পৰিৱেশিত সাহিত্য আৰু কলা বিষয়ক আলোচনা। সমাজ জীৱনৰ বাস্তৱিকতা-ফেণ্টাছীকো একোটা কাঠামোৰে চাব পাৰি-আৰু তাৰ লগত সংলগ্ন দৰ্শনৰ অৱয়বত নিহিত চিন্তা-বিচিত্ৰাই উদ্ভাসিত কৰা মানৱীয় ছবিখনেই যে সাহিত্যৰ মুখ্য লক্ষ্য তাক বৰুৱাই দোহাৰিছে তেওঁৰ আলোচনাবোৰৰ মাধ্যমেৰে।”

গ্ৰন্থখনে পাঠকক সৃষ্টিশীল সাহিত্যক নতুন ধৰণে পৰ্যবেক্ষণৰ সমান্তৰালভাৱে সাহিত্যৰ ৰসাস্বাদনৰ ক্ষেত্ৰতো নতুন পথৰ নিৰ্দেশনা দিব ।

সাহিত্যৰ বাটেদি জীৱন বিচাৰি

ড০ দীপকজ্যোতি বৰুৱা

পূৰ্বায়ণ প্ৰকাশন

দাম ৩০০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *