💐ইটালীৰ পৱিত্ৰ ভূমি ভেনিছ চহৰলৈ।

 .........পিছদিনা পুৱাতেই সাজু হ'লো আমাৰ ইউৰোপ ভ্ৰমণৰ শেষৰ দেশখনলৈ যাবলৈ - - -  । 

ইটালী, ৰোম, ভেনিছ, ফ্লৰেন্স, মিলান, নেপোলছ, ভেৰনা, পম্পেই, আদি বিখ্যাত চহৰ-নগৰবোৰৰ নাম কৈশোৰৰ দুৱাৰডলিতে শুনিছিলো ।

আজি যাম ৰোমান সাম্ৰাজ্যৰ ঐতিহাসিক গাঁথাৰে বিধৌত ইটালীলৈ । জুলিয়াছ চিজাৰৰ দেশ ইটালীলৈ ।

মোছোলিনীৰ দেশ ইটালীলৈ ।

কলম্বাছ , আমেৰিগো ভেছপুছি ,লিওনাৰ্ড দ্যা ভিঞ্চি, মাইকেল এঞ্জেলো, গেলিলিঅ গেলিলি, মাৰ্কনি , মেকিয়াভেলীৰ দেশলৈ যাম ।

ইতিহাস বলিয়া মন মোৰ । উগুল-থুগুল ।

ৰাতিপুৱাৰে পৰা মনটো উৎফুল্লিত হৈ পৰিছিল । কাৰণ ইটালীৰ ভূমিতেই আছে পৱিত্ৰ ভেটিকান নগৰী ।

পৃথিৱীৰ আটাইতকৈ সৰু ৰাষ্ট্ৰখন । আৰু এই ইটালীৰ ভূমিতেই জন্ম গ্ৰহণ কৰিছিল মেৰিলিন মনৰো, মেডনা, চিলভেষ্টাৰ ষ্টেলনৰ দৰে হলিউদ কঁপোৱা অভিনেতা-অভিনেত্ৰীয়ে ।

খ্ৰীষ্টপূৰ্ব ১০০০ শতিকাৰ আগৰে পৰা ইউৰোপ মহাদেশৰ পৱিত্ৰ তীৰ্থস্থান ৰোমান সাম্ৰাজ্যৰ ভেটিত আজি ভৰি দিমগৈ ।

অষ্ট্ৰিয়াৰ পৰা ভেনিছলৈ পাঁচঘন্টা মানৰ যাত্ৰা আছিল । ইটালী ফলমূলৰ বাবেই বিখ্যাত । সেয়েহে বিশ্বৰ আটাইতকৈ ভাল ৰেড ৱাইন বুলিলে নি:সন্দেহে ইটালীৰ নাম আগতে আহিব ।

আমাৰ গাড়ীখনে ইটালীৰ বিভিন্ন ধৰণৰ ফলৰ বাগানৰ মাজে মাজে চেকুৰ ধৰিলে । বাহ: ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শ শ কিলোমিটাৰ যুৰি আছে মাথোঁ ফলৰ বাগিছা । শ শ । বিশ্বাস কৰিছেনে ?

গাড়ীখনৰ লগে লগে বিভিন্ন ফল-মূলৰ বাগানবোৰে যেতিয়া দৌৰৰ প্ৰতিযোগিতা পাতিছিল, তেতিয়া ময়ো আচৰিত হৈছিলো । শেষেই নহয়চোন হাজাৰ হাজাৰ বিঘা ফলৰ বাগানৰ দৃশ্য ।

দিগন্ত ব্যাপি আছিল এই ফলৰ বাগানবোৰ । মন্ত্ৰমুগ্ধ হৈ আমি মাথোঁ চাবহে পাৰিছিলো সেউজীয়া মাথোঁ সেউজীয়া ফলমূলৰ বাগিচাবোৰ । উন্নত দেশৰ কৃষি । উন্নত দেশৰ পৰিকল্পনা ।

ভেনিছ পালোগৈ – –

দুপৰীয়া বাৰমান বজাত ভেনিছ পালোগৈ । এনড্ৰ‌ইড ম’বাইলৰ যুগ আৰম্ভ হোৱাৰেপৰা ভেনিছক আগতকৈ বেছি কাষৰপৰা পাবলৈ আৰম্ভ কৰিছিলো ।

ভেনিছৰ প্ৰতি আকৰ্ষিত নোহোৱাকৈ কোনোবাই বাৰু থাকিব পাৰিবনে ?

ভেনিছ মোৰ বাবে আছিল এখন কল্পনাৰ জলস্বৰ্গ । প্ৰথমবাৰৰ বাবে ভেনিছৰ বুকুত ভৰি দি ভাবিছিলো – – মোৰ কল্পনাৰ ভেনিছতকৈ আচল ভেনিছখন যেন হাজাৰগুণে ধুনীয়া ।

পানীৰ ওপৰত ভাঁহি থকা এখন চহৰ ।

কলম্বাছ, আমেৰিগো ভেছপুছিয়ে ১৫ শতিকাত আজিৰ পৰা ৫০০ বছৰৰ আগতে নাও মেলি দিছিল মহাসমুদ্ৰৰ গৰ্ভত ।

উদ্দেশ্য নতুন নতুন দেশ আৱিস্কাৰ কৰা । নৱজাগৰণে এই দেশবোৰক দিছিল আগবাঢ়ি যোৱাৰ গতি ।

মাথোঁ আগলৈ আগবাঢ়ি যোৱাৰ গতি । গীৰ্জাৰ ধৰ্মীয় শাসন আৰু অন্ধবিশ্বাস থান-বান কৰি আগবাঢ়িছিল ইটালীবাসী ।

নৱজাগৰণৰ ৫০০ বছৰৰ পিছতো পৃথিৱীৰ তৃতীয় আৰু চতুৰ্থ বিশ্বৰ দেশসমূহৰ জনসাধাৰণৰ একাংশৰ মাজত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে পশু বলি দিয়া প্ৰথাত বিশ্বাস ৰাখে – – – !

পাঁচহাজাৰ বছৰৰ আগতে আদিম মানবে সন্তুষ্ট কৰিবলৈ পূজা কৰা চন্দ্ৰ-সূৰ্য, নদী-বৰুণ, গছ-শিল, জীৱ-জন্তুক আমি আজিও এই বিজ্ঞানৰ যুগত পূজা কৰি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰো – – – – ।

বিশ্বৰ উন্নত দেশবোৰ আগবাঢ়িছে এখন যুক্তি আৰু বিজ্ঞানৰ পৃথিৱীলৈ । চন্দ্ৰত নিজৰ ঘৰ নিৰ্মাণ কৰিবলৈ । আমাৰ তৃতীয় আৰু চতুৰ্থ বিশ্বৰ মানুহবোৰ ধৰ্মক লৈ কটাকটি-মৰামৰি কৰিছো । আমি যেন আদিম মানৱ । আদিম মানৱৰ গুহাভিমুখে আমাৰ দৌৰ- – – !

ভাৱ হ’ল এই উন্নত ৰাষ্ট্ৰবোৰতকৈ আমি যেন ৩০০/৪০০ বছৰ পিছ পৰি আছো – – – !

আমি এখন ব্যক্তিগত ৱাটাৰ টেক্সি ভাৰা কৰি ভেনিছৰ মূল কেন্দ্ৰবিন্দু ছেইন্ট মাৰ্কছ স্কোৱাৰলৈ যাত্ৰা কৰিলো । আমাৰ ৱাটাৰ টেক্সিখনৰ লগতে শ শ সৰু-বৰ ৱাটাৰ টেক্সিবোৰে ভেনিছৰ বুকুত যেন এখন মায়াময় জগতৰহে সূচনা কৰিছে ।

ৰং বিৰঙৰ এই ৱাটাৰ টেক্সিবোৰে ভেনিছ নগৰীক এখন যেন মায়া নগৰীত পৰিণত কৰি পেলাইছে । প্ৰায় পঞ্চল্লিশ মিনিট যোৱাৰ পিছত আমি “ছেইন্ট মাৰ্ক স্কোৱাৰ ” পালোগৈ । বিদেশৰ পৰ্যটকৰে ঠাহ খাই পৰিছিল মাৰ্ক স্কোৱাৰ ।

   ভেনিছৰ বুকুতে আছে পৃথিৱী বিখ্যাত মোৰান' গ্লাছ ফেক্টৰীৰ শ্ব'ৰূম । মোৰান' গ্লাছৰ শ্বৰূমটোত আছিল বিভিন্ন ধৰণৰ শ্বো পিছ, অলংকাৰ , ঘড়ী আৰু ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ । দাম আছিল আকাশলঙ্ঘী । দুই-এপদ পচন্দ হৈছিল যদিও ইমান দূৰ কঢ়িয়াই অনা বৰ কঠিন । ভাগিলে হাজাৰ হাজাৰ টকা পানীত পৰিব । পৃথিৱীৰ সবাতোকৈ দামী গ্লাছৰ শ্ব'ৰূমটো চোৱাৰ সৌভাগ্য হ'ল । 

ভেনিছৰ বিষয়ে অলপমান —

৪২১ খ্ৰীষ্টাব্দত ভেনিছৰ জন্ম হৈছিল । তাৰিখ আছিল ২৫ মাৰ্চ শুকুৰবাৰ । ৰোমান সাম্ৰাজ্যৰ দখলত থকা ভেনিছ নগৰীত ৪০০ খ্ৰীষ্টাব্দ মানৰ পৰাহে বসতি আৰম্ভ হৈছিল । প্ৰায় ১৬০০ বছৰীয়া ভেনিছ নগৰীত থিয় দি মানৱ সভ্যতাৰ পৰশ লবলৈ চেষ্টা কৰিছিলো ।

১১৭ টা দ্বীপৰ সমষ্টিৰে গঢ় লৈ উঠা ভেনিছ চহৰৰ বিভিন্ন অঞ্চলক ৱাটাৰ কেনেলবোৰৰ দ্বাৰা সংযোজিত কৰা হৈছে । এই যাদুকৰী ওপঙি থকা পানীৰ নগৰীত থাকিলে আপুনি বেলেগ জগতৰ কথা পাহৰি যোৱা স্বাভাৱিক । মুঠ ৪০০ খন ফুটব্ৰীজ আৰু ১৭০ টা ব’ট কেনেলৰ সহায়ত আপুনি যিকোনো অঞ্চললৈ অনায়াসে যাব পাৰিব ।

মোৰান’ গ্লাছ ফেক্টৰীৰপৰা আহি এখন ৱাটাৰ ব’ট মানে গণ্ডুলাত উঠি ভেনিছ নগৰীৰ অলপ অলি-গলি চাবৰ মন গ’ল । শ্ৰীমতীয়ে ক’লে কেটৰিনা কাঈফে এনে এখন গণ্ডুলাত উঠিয়েই কোনোবা এখন বিখ্যাত হিন্দী চিনেমাৰ গান এটাৰ শ্বুটিং কৰিছিল ।

ভাৰাহে অত্যন্ত বেছি । আমাৰ তিনিজনৰ বাবদ ৯০ ইউৰোকৈ মুঠ ২৭০ ইউৰো লৈছিল ।

ভাৰতীয় টকাৰ হিচাপত ১৯ হেজাৰ টকা । জীৱনত দ্বিতীয়বাৰ আৰুনো ক’ত ভেনিছলৈ আহিব পাৰিম । সেয়েহে টকাৰ মুখলৈ নোচোৱাকৈ এখন গণ্ডুলা বুক কৰি পেলালো ।

আৰম্ভ হ’ল ভেনিছৰ বুকুত গণ্ডুলাৰ মোহনীয় নৌকা বিহাৰ । ভেনিছৰ বিভিন্ন কেনেলবোৰৰ মাজেৰে গণ্ডুলাই আমাক দেখুৱাই গ’ল ১৬০০ বছৰীয়া ভেনিছ চহৰৰ পানীৰ মাজত থকা তিনি-চাৰিমহলীয়া বিল্ডিংবোৰ ।

বিল্ডিংবোৰ কেনেকৈ নিৰ্মাণ কৰিছিল তাকো বুজাই গ’ল । জীৱনত আশা নকৰা অভিজ্ঞতা এটাত আমাৰ মন-প্ৰাণবোৰ সজীৱ হৈ উঠিল ।

💐💐এই অভিজ্ঞতাবোৰক টকা-প‌ইচাৰে জুখিব নোৱাৰি ।

এই অনুভৱৰ বাবে আপুনি ভেনিছলৈ গ’লে অন্ততঃ এখন গণ্ডুলাত উঠি চাব – – – – – !

নহলে হয়তো আধৰুৱা হৈ ৰব আপোনাৰ ভেনিছৰ বৰ্ণিল অভিজ্ঞতা ।

ভেনিছৰ বুকুত গণ্ডুলা যাত্ৰা মোৰ জীৱনৰ এক পাহৰিব নোৱৰা স্মৃতি ।

ঠিক শৈশৱত এল পি স্কুলৰ ফিল্ড খনত প্ৰথম বাৰিষাৰ পানী ডোঙাত কণমানি দুটি ভৰিৰে পানী ফুটোৱাৰ অভিজ্ঞতাৰ দৰে।

পঢ়িব কিতাপখন।

Leave a Reply

Your email address will not be published. Required fields are marked *