
হিৰণ্য কাশ্যপৰ-
নৱতম উপন্যাস “সপোন”
প্ৰকাশকঃ মণিকূট
মূল্যঃ ২২৫ টকা
প্ৰচাৰ বিমুখ জনপ্ৰিয় ঔপন্যাসিক হিৰণ্য কাশ্যপৰ নৱতম উপন্যাস— ‘সপোন’।
‘সপোন’এ এতিয়া নতুন ৰূপত আৰু নতুন সংস্কৰণেৰে আকৌ পঢ়ুৱৈৰ মৰম বুটলিবলৈ সাজু হৈছে।
জনপ্ৰিয়তাৰ শীৰ্ষত থকা বহুলভাৱে চৰ্চিত উপন্যাস “সীমান্ত”, “সময়” আৰু “সংগীত”ৰ পাছত সুদীৰ্ঘ তেৰ বছৰৰ মূৰত লেখকে পুনৰ পঢ়ুৱৈ সমাজক উপহাৰ দিলে তেখেতৰ আৰু এখন বিশেষ আৰু ব্যতিক্ৰম উপন্যাস “সপোন”। অৱশ্যে ২০১০ চন মানতে এইখন উপন্যাসৰ কাহিনী তেখেতৰ মনলৈ আহিছিল আৰু উপন্যাসখনৰ নামটো তেতিয়াই ঠিক কৰি থৈছিল— “সপোন”।
সমগ্ৰ অসমৰে বিভিন্ন ঠাইৰ বিভিন্ন সামাজিক স্তৰৰ আৰু বেলেগ বেলেগ আৰ্থিক অৱস্থাৰ কেইটামান পৰিয়ালৰ সন্তান এই কেইগৰাকী তৰুণ-তৰুণী— অনুৰাগ বৰুৱা, ৰাগিণী দত্ত, ৰোহন কাশ্যপ, অভিশ্রুতি বেজবৰুৱা, বিদিশা দুৱৰা আৰু বিক্রম ৰাজকোঁৱৰৰ প্ৰত্যেকেই একো একোটা সপোন বুকুত সাবটি উচ্চ শিক্ষা ল’বলৈ এদিন বাংগালোৰ চহৰত উপস্থিত হৈছিল।
কিন্তু মুখ্যতঃ নিজৰ আৰু লগতে অভিভাৱকসকলৰো অনভিজ্ঞতা, আৰু হয়তো এক সুস্থ জীৱন দৰ্শনৰ অভাৱত, বাংগালোৰ চহৰৰ জিক্মিকনিৰ আঁৰত সিহঁতৰ বেছিভাগৰে ৰঙীন সপোনবোৰ হেৰাই গ’ল। সিহঁতে উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ আহি বাংগালোৰ চহৰৰ বুকুত বিচাৰি পালে জীৱনৰ কিছুমান নতুন পথ আৰু নতুন ঠিকনা। স্বৰ্গৰ জখলা বিচাৰোঁতে পৰিচয় লাভ কৰিলে নৰকলৈ যোৱাৰ পথৰ৷ একমাত্ৰ বিক্রম ৰাজকোঁৱৰৰ বাহিৰে বাংগালোৰে সিহঁতক সঠিক স্থানত প্ৰতিষ্ঠাপিত কৰাব নোৱাৰিলে।
অনুৰাগে প্ৰাইভেট কলেজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে যদিও আশানুৰূপ চাকৰি লাভ নকৰিলে। এক জটিল মানসিক পৰিস্থিতিত ৰাগিণী বাংগালোৰ এৰি গুচি গ’ল আৰু কোনো আকৰ্ষণ অবিহনেই কলিকতাত অধ্যয়ন কৰি থাকিল। ৰোহনে কিবাকৈ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল যদিও শেষত কোনো চাকৰি যোগাৰ কৰিব নোৱাৰিলে আৰু তাৰ আমেৰিকাত থকা বায়েকৰ বাংগালোৰৰ ঘৰৰ কেয়াৰটেকাৰ হ’ল।
অভিশ্রুতিয়ে মডেল হোৱাৰ সপোন পূৰাব পাৰিলে যদিও তাৰ বাবে বহুতো ত্যাগ স্বীকাৰ কৰিবলগীয়া হল। সা-সম্পত্তিৰ মিছা চমকনিত ভোল গৈ বিদিশাই বাংগালোৰতে এজন কানাড়া লৰাক বিয়া কৰালে যদিও বিভিন্ন ঘটনা-দুৰ্ঘটনাৰ পাছত বহু ত্যাগ কৰি অসমলৈ ঘূৰি আহি এটি সৰু চাকৰি লৈ মাক-দেউতাকৰ আশ্রয়ত সন্তানসহ থাকিবলগীয়া হ’ল। আনহাতে বিক্রম ৰাজকোঁৱৰে নিজৰ কষ্ট, পৰিকল্পনা, সাহস আদিৰ সহায়ত তাৰ আৰ্থিক দুৰৱস্থা অতিক্ৰম কৰি সৰু-ডাঙৰ, সৎ-অসৎ সকলো পথেৰে অৰ্থ উপাৰ্জন কৰি ডিগ্ৰী লাভ কৰাৰ উপৰিও বাংগালোৰত এখন সৰু হোটেল খুলিলে। ভৱিষ্যতে সি সেইখন ৰোহনক দি অসমত এখন ডাঙৰ হোটেল খুলিব বুলি পৰিকল্পনা কৰিছে।
সাম্প্ৰতিক সময়ত পঢ়া কিতাপবোৰৰ ভিতৰত হিৰণ্য কাশ্যপৰ নৱতম উপন্যাস— “সপোন” এখন অন্যতম ভাল লগা উপন্যাস। সম্পূৰ্ণ বাস্তৱিক কাহিনীৰে আগবঢ়া উপন্যাসখনে বৰ্তমান কালৰ অসমৰ শিক্ষাজগতৰ এটা দিশৰ এখন একেবাৰে সঁচা ছবি দাঙি ধৰিছে। কেৱল শিক্ষাৰ্থীসকলৰ কাৰণেই নহয়, তেওঁলোকৰ অভিভাৱকসকলৰ কাৰণেও কিতাপখনৰ বিষয়বস্তু চিন্তনীয় হ’ব পাৰে, হয়তো হ’ব পাৰে এক অশনি সংকেত। কিতাপখন ভাল লগাৰ আন এটা কাৰণ হ’ল ইয়াৰ কাহিনীৰ গতি।
আৰম্ভণিৰপৰা শেষলৈকে দ্ৰুতভাৱে আগবঢ়া কাহিনীৰ কোনো ঠাইতে আমনি লগাৰ অৱকাশ নাই। বিক্ৰমৰ বাহিৰে আন সকলোবোৰ চৰিত্ৰই সাধাৰণ আৰু লিখকে সেই চৰিত্ৰ কেইটা তেনেদৰেই গঢ়ি তুলিছে। কিন্তু বিক্ৰম অসাধাৰণ। সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজেদিও সি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিছে, আৰু সেইবাবে
বিক্ৰম উপন্যাসখনত উজ্জ্বল হৈ জিলিকি উঠিছে।
যদিও আন চৰিত্ৰসমূহে নিজৰ লক্ষ্যত সঠিকভাৱে উপনীত হ’ব পৰা নাই, নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পৰা নাই, সপোন দিঠকত পৰিণত নহ’লেই জানো আৰু সপোন দেখাৰ পথ চিৰদিনৰ বাবে ৰুদ্ধ হৈ যায়? নিশ্চয় নাযায়। সিহঁতৰ কাৰণে লিখকে শেষত ঘোষণা কৰিছে এক উদ্দীপনাময় আশাবাদ— “সপোনৰ শেষ নাথাকে… সপোন দেখাৰ কোনো বয়স নাথাকে… সপোন বিফল হ’লে থমকি নৰ’বা… নতুন সপোন খেদি যোৱা… সপোনৰ শেষ নাথাকে!!!”
আগ্ৰহী পাঠকে কিতাপ ঘৰত পাব বিচাৰিলে মণিকূট প্ৰকাশনৰ ৱাটচ্আপ ৮৬৩৮৯-৬০১১৬ নম্বৰত যোগাযোগ কৰিলে। অতি সোনকালেই কিতাপখন আপোনালৈ পঠিয়াই দিয়া হ’ব।
ইয়াৰ উপৰিও কিতাপৰ বিপণী সমূহত পাব। লগতে আমাজন আৰু ফ্লিপকাৰ্ট যোগেও উপলব্ধ।
✍️❤️ অংশুমালা দেৱী
মণিকূট প্ৰকাশন
