
লেখক কাব্যনীলৰ শব্দৰে—আহক পঢ়িব।
আকাশ সাহাৰ ‘সত্যৰ প্ৰকাশ’
প্ৰকাশক- ভিৱজিওৰ পাব্লিকেচন, বৰপেটা
৭০০২২১২২৯১
**
আমি সকলোৱে এক পৱিত্ৰ আত্মা।
এই কথাটো মনন ,চিন্তন আৰু মন্থন কৰিব নোৱাৰিলে প্ৰত্যেক জীৱই দুখ ভোগ কৰিব লাগিব।
আমি সকলোৱে সূৰ্যৰ দৰে চিন্ময় আত্মা।
এই আত্মাৰ বিনাশ নাই ,অবিনাশি।
শৰীৰ বিনাশি। আজি আছে কাইলৈ নাই।
আত্মা অমৰ ,যাৰ জন্ম- মৃত্যু নহয় ,জন্মৰহিত ,নিত্য নতুন অচ্চেদ্য, অদায্য ,সৰ্বব্যাপী অচল -অটল ।আত্মাই এটা শৰীৰৰ পৰা আন এটা শৰীৰ যোৱাটো দেশান্তৰ বুলি কোৱা হয়।আমি সকলোৱে এটা শৰীৰ এৰি আন এটা শৰীৰ যাবই লাগিব তাৰ কোনো বিকল্প নাই।কিন্তু মূল কথা সকলো জানিও কম সময়ৰ এই জীৱনত নানা ধৰণৰ দুখ -কষ্ট ভোগ কৰিব লাগে।
আৰু কিছুমানে কোনো কষ্ট নকৰাকৈ ৰাজসুখ ভোগ কৰে।জন্ম -মৃত্যুৰ চক্ৰ পাৰ হবলৈ প্ৰথম কথা নিজক বুজিব লাগিব।নিজক বুজা সকলোতকৈ ডাঙৰ কথা।দেখাত আমি সকলোৱে একে কিন্তু মন- ভাৱনা ,বুদ্ধি আৰু দৃষ্টি -বৃষ্টি একে নহয় ।চঞ্চল মন প্ৰতি মুহূৰ্ততে চেকুৰী থাকে ।সকলো পায়ো একো যেন পোৱা নাই ,অপ্ৰাপ্তি বুলি হাহাকাৰ কৰি থাকে।
মূল কথা আমি ঈশ্বৰৰ দৃষ্টিত ঠিকে আছো নে ?অথবা যিবোৰ কাম কৰি আছো ঈশ্বৰক অৰ্পণ কৰি আৰম্ভ কৰিছোনে ?আমি হয়তো ঈশ্বৰক দেখা নাই কিন্তু আমাৰ সকলো কথা -বার্তা ,কৰ্ম তেখেতে পৰ্যবেক্ষণ কৰি আছে ।তাৰ ফলাফল অনুযায়ী আমাৰ পিছৰ জন্ম নিৰ্ধাৰণ হব।এটা ভাল জন্ম পাবলৈ বাৰু আমি সঠিকভাৱে নিজক সজাই লব পৰিছোনে ?,পদ -পদবী ,উচ্চ অট্টালিকা, মান- সন্মান ৰজা ,মন্ত্ৰী এইবোৰ মাত্ৰ দুদিনৰ বাবে ।আমি সকলোৱে এক আত্মা সেইটোহে সত্য।বাকী মিছা।আত্মীক দৃষ্টিত আমি ভাই -ভণী।
আমাৰ মাজত এক সুকীয়া সম্পৰ্ক স্থাপন হয়, ই এক আত্মীক প্ৰেম ।ইয়াৰ মাজত বেয়া ভাব ,চিন্তা থাকিব নোৱাৰে।কথাষাৰ সকলোৱে চিন্তা কৰা উচিত।এই জন্মৰ পৰাই নিৰ্ণয় হব পিছৰ জন্ম।সেইকাৰণে আমি নিয়ম অনুসৰি নিজক পৱিত্ৰ কৰি তুলিব পাৰিলে জীৱন সফল হব আৰু এটা সুন্দৰ জীৱন লাভ কৰিব পাৰিম।
যোৱা ৭জুলাই দেওবাৰে আকাশ সাহাৰ “ইতিহাস আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে সত্যৰ প্ৰকাশ”গ্ৰন্থ গুৱাহাটীত উন্মোচন হয়।আজি কিতাপখন পঢ়ি আনন্দিত হৈছোঁ।
ইয়াত ১৭টা লেখকৰ অনুভৱ প্ৰকাশ পাইছে। য’ত তেওঁ জীৱনৰ বিভিন্ন দিশক অতি সূক্ষ্ম ভাৱে সকলোৱে বুজিব পৰাকৈ প্ৰকাশ কৰিছে, যিখিনি আজিৰ নব প্ৰজন্মৰ ছাত্ৰ -ছাত্ৰী সকলৰ বাবে অতি প্ৰয়োজনীয় আৰু অতি গুৰুত্বপূৰ্ণ বিষয়।
বৰ্তমান সময়ত যুৱ মানসিকতাৰ যি ধৰণে অবক্ষয় হৈছে,মনৰ পৰা অধ্যত্মিক ধ্যান -ধাৰণা লুপ্ত হৈ আমাৰ মাজত প্ৰকৃত সততা নষ্ট হৈ মানসিক ভাৱে জটিল কিছুমান সমস্যাৰ মুখামুখি হৈছোঁ।তাৰ পৰা সকাহ পাবলৈ যদি ছাত্ৰ- ছাত্ৰী সকলে ইয়াক এবাৰ পঢ়িব পাৰে ,জীৱনত আমি কি হেৰুৱাই আছোঁ ,ঈশ্বৰীয় অনুভৱ কি তাক কেনেকৈ পাব পাৰি বা আমি আমাৰ জীবনত কোন পথেৰে আগবাঢ়ি গলে প্ৰকৃত সত্য পথৰ সন্ধান পাম,তাক কিছু পৰিমাণে হলেও উপলব্ধি কৰিব পাৰিব।
শেষত আজিৰ প্ৰজন্মৰ এজন নতুন লেখকে অতি গুৰুত্বপূৰ্ণ বিষয় কিছুমান বাছনি কৰি ৰাইজক আগবঢ়াই দিয়াৰ বাবে ধন্যবাদ আৰু আশীৰ্বাদ জনালোঁ।
কাব্যনীল

