সতী ৰাধিকা , একাধিক মনোমোহা কাহিনীৰ গ্ৰন্থ


সাহিত্য মন্দিৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বছৰৰ প্ৰথমখন কিতাপ।

৬০ পৃষ্ঠাৰ ৬০ টকা মূল্যৰ এখন সৰু কিতাপ। সৰু হ’লেও কিতাপখন পাঠকে আদৰি ল’ব বুলি আমাৰ বিশ্বাস।

কাৰণ শংকৰদেৱৰ সময়ৰ অবিস্মৰণীয় মহিয়সী নাৰী আই ৰাধিকাক গুৰুজনাই সতী ৰূপে অভিহিত কৰি গৈছে।

সতীৰ কাহিনীক পশ্চিম বংগৰ বুলি তেখেতসকলে দাবী কৰি আহিছে আমাৰ ডাক পুৰুষক নিজৰ বুলি ডাবী কৰি অহাৰ দৰে।

কিন্তু সতী ৰাধিকাৰ বিষয়ে আমাৰ সাহিত্যত যিমানবোৰ প্ৰামাণ্য সমল আছে পশ্চিম বংগৰ নাই। সতী ৰাধিকা আমাৰ। অসমৰ।

সতী ৰাধিকাক লৈ কাহিনীৰ অন্ত নাই।

তেনে কেইবাটাও কাহিনীক যুগুতাই লৈ সতী ৰাধিকা আই মাতৃসমাজৰে এগৰাকী পৰিচিত লেখিকা প্ৰণীতা হাজৰিকাই এই কিতাপখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰে।

পোন প্ৰথমবাৰৰ বাবেই পাণ্ডুলিপিটো পঢ়ি মই অভিভূত হৈ পৰিলোঁ। তেখেতে কম পৰিসৰতে উপযুক্তকৈ সতী ৰাধিকাৰ সকলো কাহিনী, তাৎপৰ্য, মহত্ব পুথিখনত বিৱৰি পেলাব পাৰিলে।

লেখিকাই একাষাৰত লিখিছে: ” শান্তি সতী ৰাধিকা আইগৰাকীৰ অলৌকিক কথা আৰু কাহিনী শুনিছোঁ।——– হাজাৰ জনতাৰ সাক্ষাতত জগত গুৰুজনাৰ সন্মুখত সমাজকল্যাণ আৰু সেৱাত এগৰাকী সাধাৰণ নাৰীৰো যে শৌৰ্য ক্ষমতা অশেষ আছে তাক প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা আইগৰাকীৰ প্ৰতি অন্তৰত যি শ্ৰদ্ধা -ভক্তি আছিল, তাকেই একমাত্ৰ হৃদয়ৰ স্বত:ষ্ফূৰ্ত তাগিদাত এই পুথিভাগ লিখি উলিয়ালোঁ ।”

লেখিকা প্ৰণীতা হাজৰিকাই পুথিখনৰ কাহিনীবোৰ বৰ চিত্তাকৰ্ষককৈ সজাই তুলিছে।তাৰ আখ্যানবোৰ এনেকুৱা।

১- সত্য যুগ: বৰদোৱাৰ পুৰণি আখ্যান ।
২- দ্বাপৰ যুগত বৰদোৱা আখ্যান।
৩- কলিত বৰদোৱা।
৪- শংকৰদেৱৰ জন্ম আৰু অলৌকিক কাৰ্য।
৫- টেম্বুৱনী জান বন্ধাৰ প্ৰথম কাৰণ।
৬- টেম্বুৱনী জান বন্ধা দ্বিতীয় কাৰণ।
৭- জান বন্ধাৰ কাহিনী।
৮- শংকৰদেৱৰ মনৰ ভাৱবোৰ আৰু শান্তি পৰীক্ষা
৯- পূৰ্ণানন্দ আৰু ৰাধিকাৰ পূৰ্বজন্মৰ কাহিনী।
১০- ৰাধিকাৰ সতীত্ব পৰীক্ষা।
১১- সতী পৰীক্ষাৰ পাছৰ পৰিৱেশ।
১২- সতী ৰাধিকা আইৰ জীৱনৰ সংক্ষিপ্ত কাহিনী।
১৩- আই ৰাধিকাৰ কাহিনী গীত ( মালিতা)
১৪- সতী ৰাধিকাৰ স্মৃতি উৎসৱৰ গীত।
১৫- ৰাধিকাৰ কাহিনীকলৈ দিহা নাম।

পোন্ধৰতা ভিন্ন অধ্যায়ত বিভক্ত এই পুথিখনত পুৰাণত বৰ্ণিত অসমৰ বৰদোৱা অঞ্চলৰ কাহিনীৰ পৰা আৰম্ভ কৰি ভগৱান শ্ৰীকৃষ্ণ- বলোৰামৰ কাহিনীলৈকে যোগসূত্ৰ ৰক্ষা কৰি সকলো কাহিনী চমুকৈ বৰ্ণনা কৰিছে ।

তাৰোপৰি শংকৰদেৱৰ সমকালীন অসমৰ গ্ৰাম্য জীৱনৰ আভাষ সুন্দৰকৈ বৰ্ণিত কৰিব পাৰিছে বা হৈছে।

ইয়াৰোপৰি সুন্দৰ আৰু প্ৰাঞ্জল কথনশৈলীৰে ৰচনা কৰা পুথিখন আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ পাই সন্তোষ লভিছোঁ।

আপোনালোকে পুথিখন আদৰি ল’লে লেখিকাগৰাকীৰ শ্ৰম সাৰ্থক হ’ব।

আমিও সফল হৈছোঁ বুলি অনুভৱ কৰিম।

লগতে আপোনাক/ আপোনালোক সকলো শুভাকাংক্ষী পঢ়ুৱৈৰ পৰা মতামত আহ্বান কৰিলোঁ।

✍️🌹❤️ সাহিত্য মন্দিৰ প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *