🌹🌹🌹”সকলো বিচ্ছেদেই প্ৰেমৰ পাঠ ।
তেওঁ মোৰ কাষৰ পৰা উঠি গৈছে।
মই জানো তেওঁ ক’লৈকো যাব নোৱাৰে
তেওঁ দেখোন মোৰ বুকুতে এৰি থৈ গৈছে
তেওঁৰ ধপধপনিবোৰ! ” (বিচ্ছেদ) 🌹🌹🌹

আৰম্ভণিতেই কোৱা হৈছে — “… যুগে যুগে সেই প্ৰেমৰ কবিতাই আমাক উজ্জীৱিত কৰি ৰাখিছে। কিন্তু প্ৰেমৰ কবিতাবোৰ অহা-যোৱা কৰা বাটতে চুচুক-চামাককৈ ৰৈ থাকে বিচ্ছেদৰ কবিতাবোৰ।… “

এই কবিতাবোৰেৰেই নীলিম কুমাৰৰ নৱতম কাব্যপুথি #সকলোবিচ্ছেদেইপ্ৰেমৰ_পাঠ; য’ত এমুঠি মননশীল প্ৰেমৰ কবিতাই বিচ্ছেদৰ পাছতো প্ৰেমৰেই জয়গান গাইছে, কেৱল প্ৰেমৰ কথাকেই কৈছে; যেন”সেইবোৰ প্ৰেমৰেই যন্ত্ৰণাকাতৰ কবিতা”!

প্ৰেমৰ সৈতে যেন ‘বিচ্ছেদ’ অবিচ্ছেদ্য; প্ৰায় অৱধাৰিত । কিন্তু বিচ্ছেদ কেতিয়াও প্ৰেমৰ শেষ পৰিণতি নহয়; হ’ব নোৱাৰে। বৰঞ্চ, সেই সমাপ্তিতহে যেন আৰম্ভণি, প্ৰেমৰ নতুন অধ্যায়ৰ পাতনি—

“… তেওঁৰ ধপধপনিবোৰ আছে নহয়, তাৰে
চলি যাব মোৰ হৃদয়

সকলো বিচ্ছেদেই দি যায় প্ৰেমৰ পাঠ! ” (বিচ্ছেদ)

এই কবিতাবোৰ আচলতে অপ্ৰাপ্তি আৰু যন্ত্ৰণাৰ, আক্ষেপ আৰু অপূৰ্ণ আকাংক্ষাৰ; কিন্তু তাৰ মাজত কোনো অভিযোগ অথবা অসন্তুষ্টি নাই; অতৃপ্ততাও নাই । আছে মাথোঁ প্ৰিয়জন বা প্ৰেমাষ্পদৰ অনুপস্থিতিতো ভৰুণ হৈ থকা ভগ্ন হৃদয়ৰ কথা, ঢুকি নোপোৱা দূৰত্বত অৱস্থান কৰাৰ পাছতো চৌপাশ পৰিপূৰ্ণ কৰি ৰখা প্ৰেমৰ কথা, প্ৰেমে এৰি থৈ যোৱা স্মৃতিবোৰৰ কথা—

“… এনেকৈ স্মৃতিবোৰ ক’ৰবাত গোট মাৰি
পাহাৰ হৈ থাকিব।

স্মৃতিহীনতা এখন প্ৰেমৰ পাহাৰ ” (স্মৃতিহীনতাৰ পাহাৰ)

বিচ্ছেদ মানেই নোকোৱাকৈ বা নভবাকৈ ৰৈ যোৱা বহু কথা; নজনাকৈ বা নজনোৱাকৈ বাকী ৰোৱা বহু কাহিনী! তাৰ মাজতেই অৱশিষ্ট হিচাপে বুকুভৰি যি ৰৈ যায় সেয়াই প্ৰেম, আমৃত্যু জীৱনজুৰি যি বৈ যায় সেয়াই প্ৰেম—

“… তেৱেঁই মোক শিকাইছিল
প্ৰেমৰ ছিৰিৰে উঠিবলৈ
আৰু
বিষাদৰ ছিৰিৰে নামিবলৈ

এতিয়া ছিৰিবোৰ আছে
তেওঁৰ হাতখন নাই। “(ছিৰি)

“তেওঁৰ হাতখন নাই”–এই যে কিবা এটা ‘নাই’; তাৰ মাজতো যি ৰৈ যায় সেয়াই আচলতে ‘প্ৰেম’। কবিয়েই কৈছে –“… বিচ্ছেদ প্ৰেমহীনতা নহয়। বিচ্ছেদ প্ৰেমৰ পোছাকহে। ” সেইবাবেই #সকলোবিচ্ছেদেইপ্ৰেমৰ_পাঠ ত প্ৰেমহীনতাৰ কথা থাকিলেও; অথবা কবিতাবোৰে বিচ্ছেদিত সম্পৰ্কৰ বিষাদ, যন্ত্ৰণা, চকুপানী আৰু নিৰাশাৰ কথা আওৰালেও ইয়াত আছে কেৱল আত্মতুষ্টি আৰু পৰিতৃপ্তি; প্ৰেমেৰে চহকী হৈ ৰোৱাৰ!

সকলোবিচ্ছেদেইপ্ৰেমৰ_পাঠ”–নীলিম কুমাৰৰ এইলানি কবিতা ‘প্ৰেম’ৰ দৰেই সুন্দৰ; আৰু ‘বিচ্ছেদ’ৰ দৰেই কৰুণ হৈও মধুৰ ।

সকলোবিচ্ছেদেইপ্ৰেমৰ_পাঠ

নীলিম_কুমাৰ

পূৰ্বায়ণ_প্ৰকাশন

দাম৯৯টকা

Leave a Reply

Your email address will not be published. Required fields are marked *