💐💐💐💐💐সংগ্ৰহালয়তত্ত্ব💐💐💐💐💐

পৃথিৱীত সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় ১৬৮৩ খ্ৰীষ্টাব্দত এছ’মোলিয়ন চাহাব এজনৰ ব্যক্তিগত উদ্যোগত সংগৃহিত সম্পদেৰে।

ইংলেণ্ডৰ অক্মফ’ৰ্ড নগৰত স্থাপিত এই সংগ্ৰহালয়টো পোন প্ৰথমবাৰৰ বাবে ৰাইজৰ প্ৰদৰ্শনৰ বাবে খোলা হয়।

আমাৰ দেশত সংগ্ৰহালয় স্থাপনৰ অভিযান আৰম্ভ হয় ১৭৮৪ চনতআৰু অসম তথা উত্তৰ – পূব ভাৰতত সংগ্ৰহালয় আন্দোলন আৰম্ভ হৈছিল ১৯১২ চনত।

অসমত সংগ্ৰহালয় আন্দোলনৰ এগৰাকী পুৰুধা ব্যক্তি ড° ৰবীন দেৱচৌধুৰীয়ে ‘সংগ্ৰহালয়তত্ত্ব’ নামৰ সংগ্ৰহালয় বিষয়ক অসমীয়া ভাষাত প্ৰথম ৰচিত গ্ৰন্থখনত সংগ্ৰহালয়ৰ সকলো দিশ বিশদভাৱে আলোচনা কৰাৰ লগতে ইয়াৰ ইতিহাস সম্পৰ্কে অনেক তথ্য সন্নিৱষ্ট কৰিছে।

২০০৮ চনত অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে।

গ্ৰন্থখনৰ মূল্য মাত্ৰ ২৫০ টকা।

গ্ৰন্থ #কিতাপ #আলোচনী #বাতৰি #BOOK

Leave a Reply

Your email address will not be published. Required fields are marked *