
💐💐💐শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী💐💐💐
ধৰ্মগুৰু, সংস্কাৰক আৰু নিৰ্গুণ ভক্তিবাদৰ প্ৰবক্তা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৰচনা সমগ্ৰ ভক্ত সকলৰ বাবে যিদৰে পূজ্য ,সাহিত্য ৰসিকৰ বাবেও একেদৰেই গুৰুত্বপূৰ্ণ।
এই সাহিত্যৰাজিৰ জৰিয়তে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা পন্হৰ দৰ্শনৰ ভেটি সুদৃঢ় কৰিছিল।
বিশিষ্ট ইতিহাসবিদ,অধ্যাপক ড০ ডম্বৰুধৰ নাথে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ “নিজ শাস্ত্ৰ” নামৰ গ্ৰন্থখনৰ বাহিৰে আটাইকেইখন গ্ৰন্থ সংকলন কৰি “শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী” ৰূপত সম্পাদনা কৰিছে।
উল্লেখ্য যে মায়ামৰা পন্হৰ লোক সকলে “নিজ শাস্ত্ৰ” গ্ৰন্থখন ভক্তি আৰু সম্ভ্ৰমেৰে গুপুতে ৰাখিছে।
গদ্যত ৰচিত এই গ্ৰন্থখন হাতে লিখা অবস্থাত প্ৰায় চাৰিশ বছৰৰো অধিক কাল গোপন হৈয়েই আছ।
ড০ নাথ ডাঙৰীয়াই বহু বছৰ ধৰি কৰা অধ্যয়ন আৰু শ্ৰমেৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ বাকী ৰচনা সমগ্ৰ একত্ৰিত কৰি সম্পাদনা কৰা “শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী” পঢ়ুৱৈৰ নিমিত্তে “অসম প্ৰকাশন পৰিষদ”এ এইবেলি প্ৰকাশ কৰিছে।
