💐💐💐💐 মণিকূট প্ৰকাশনৰ গ্ৰন্থ 💐💐💐💐

বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামীৰ শৈশৱ কালৰ ধেমেলীয়া কাহিনীৰ সংকলন ‘শৈশৱতে ধেমালিতে’ কিতাপখন ইতিমধ্যে প্ৰায়ভাগেই সংগ্ৰহ কৰিছে।

আমি ভবাতকৈও বেছি ভালকৈ কিতাপখন পাঠকে আদৰিছে।

পঢ়ি ময়ো অনুভৱ কৰিছোঁ, কিতাপখনৰ ইমান বেছি জনপ্ৰিয়তাৰ আঁৰৰ এটি কাৰণ হয়তো কিতাপখনে সকলো বয়সৰ পঢ়ুৱৈক সমানে আনন্দ দিব পাৰিছে।

চিকিৎসালয়ৰ বিছনাত পৰি কঠিন ৰোগৰ সৈতে যুঁজ দি থকা ৰোগীজনৰ পৰা আৰম্ভ কৰি স্কুলত পঢ়ি থকা সৰু ছোৱালীজনীলৈকে সকলোৱে পঢ়ি কিতাপখনৰ বিষয়ে এষাৰ সুন্দৰ কথা কৈছে বা লিখিছে।

ফোনেৰে হওক বা আনৰ মুখেৰে হওক বা ফেচবুকত নিজৰ চকুৰে দেখিয়েই হওক এই শুভবাৰ্তা শুনি শ্ৰদ্ধাৰ লেখক গৰাকীৰ লগতে আমিও সমানেই উৎসাহিত আৰু সুখী হৈছোঁ।

এই যান্ত্ৰিকতাৰে ভৰা জীৱনত কাৰোবাৰ এষাৰ কথাই বা একলম লেখাই যদি আমাৰ দুওঁঠলৈ পূৰণি সেই চিনাকি আপোন হাঁহিটি ক্ষন্তেকলৈ হ’লেও বোৱাই আনিব পাৰে, মোৰ বাবে সেয়া পৰম সুখৰ কথা।

ইতিমধ্যে যিসকল শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী পাঠকে এই কিতাপখন সংগ্ৰহ কৰিছে তেখেতসকলক এই পোষ্টটোৰ জড়িয়তে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে কিতাপখন সংগ্ৰহ কৰি দুশাৰী কিতাপখনৰ বিষয়ে লিখি লেখকৰ লগতে আমাকো উৎসাহিত কৰিলে সেইসকল গুণমুগ্ধ পাঠকলৈ আমাৰ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

প্ৰকাশক মণিকূট প্ৰকাশন

ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ ‘শৈশৱতে ধেমালিতে’ কিতাপখন ঘৰতে পাবলৈ আগ্ৰহী সকলে তলৰ নম্বৰত যোগাযোগ কৰিব পাৰে।

WhatsApp: 86389 60116

Phone: 94350 00266

Rs.150/-

Leave a Reply

Your email address will not be published. Required fields are marked *