💐💐💐💐শুকুলা হাতীৰ খোজ💐💐💐💐

উপন্যাস 💐শুকুলা হাতীৰ খোজ

ঔপন্যাসিক 💐প্ৰভাত গোস্বামী

মহেন্দ্ৰ নামৰ ল’ৰাটো এদিন স্কুলৰ পৰা পলাইছিল মৌজাদাৰৰ হাতীটো দেখি।

সেই যি হাতীৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিলে, তাৰ সেই দৌৰ আৰু শেষ নহ’ল।

মৌজাদাৰৰ ঘৰৰ লগুৱাৰ পৰা সি এদিন ফান্দী হ’ল। এদিন, হাতীৰ প্ৰতি থকা প্ৰচণ্ড মৰম আৰু আকৰ্ষণৰ বাবেই হাতী সংৰক্ষণৰ দায়িত্ব ল’বলৈও আগবাঢ়িল।

  জীৱন যুঁজত সি বহুত চৰিত্ৰকে লগ পালে,ৰজনী মৌজাদাৰৰ পৰা আৰম্ভ কৰি ললিতা,পূৰ্ণিমালৈকে। 

মধুৰ দৰে মানুহৰ উত্থান পতন দেখিলে। হাতী আৰু মানুহৰ সহাৱস্থানৰ পৰা সংঘাতলৈকে সকলো দেখিলে।

হাতী আৰু মানুহৰ সংঘাতৰ স্বৰূপ সুন্দৰ কাহিনীৰ মাজেৰে উপস্থাপন কৰাৰ লগতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমুহৰ দুখ বেদনা আৰু সংকটৰ কাৰণসমূহ বিশ্লেষণেৰে সমৃদ্ধ এই উপন্যাস খনত হাতী আৰু অসমীয়া জাতি দুয়ো বৰ্তমান যে সংকটাপন্ন এই কথা সুন্দৰ বৰ্ণনাৰে চিত্ৰিত হৈছে।💐

Leave a Reply

Your email address will not be published. Required fields are marked *