💐💐💐কিতাপঃ শিক্ষকতাৰ বাটত💐💐💐

✍️আৰমান হাজৰিকা💐

কিতাপ এখনৰ বিষয়ে লিখিবলৈ লৈ যদি লিখিকাৰ নামটো নিলিখি, প্ৰথমেই লিখিকাৰ স্বামীৰ নামটো কবলৈ যাওঁ, যিকোনো মানুহৰে মোৰ ওপৰত খঙেই উঠিব। পিছে, মোৰ ক্ষেত্ৰতহে এইখন ‘ওলোটা- পুৰাণ’ হ’ল।

বিজয়ৰ লগত মোৰ চিনাকি প্ৰায় চল্লিশ বছৰৰে আগৰ। পিছে কলেজ এৰাৰ পিছত বিজয়ক লগ পোৱা নাই। ফেচবুক আদি হোৱাৰ পিছত, এই জীৱনৰ বেলি ওলমিবলৈ লোৱা বয়সত, এটি এটিকৈ সকলোবোৰ বন্ধু ভুমুকি মাৰি ওলালহি। লাহে লাহে কলেজৰ বন্ধু-বান্ধবী বোৰৰ WhatsApp গোট এটাও হ’ল। পুৰণি বন্ধুবোৰক পাই কথা পাতিবলৈ লৈ, সকলোৱে নিজৰ বয়সৰ পৰা দুকুৰি বছৰ কমাই ললে। পিছে তাৰ মাজতো, আন দুজনমানৰ দৰে বিজয় কিন্তু অতি উত্ৰাৱল নহল। অথচ প্ৰতিদিনেই আৰু প্ৰয়োজনত প্ৰায় সকলোৰে লগত, সুন্দৰ, সৌহাৰ্দপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলে। সেয়ে বিজয়ৰ লগতো মোৰ ভাল, কিছু ঘনিষ্ঠ ধৰণৰে সমন্ধ এটা বৰ্তি আছে।

এদিন বিজয়ৰ লগত ফোনতে কথা পাতি আছিলোঁ। কথাই কথাই বিজয়ৰ পৰিয়ালটোৰ কথা সুধিলোঁ। পৰিবাৰ, ল’ৰা-ছোৱালী ইত্যাদি ইত্যাদি। বিজয়ে কৈ যাওঁতে মই মাজতে ৰখাই সুধিলোঁ, “ৰবাছোন, বৰ্তমান ফেচবুকত ‘ববিতা শৰ্মা’ নামে এগৰাকী লিখিকাই নিজে ‘জৱাহৰ নবোদয় বিদ্যালয়’ত চাকৰি কৰি, জাৰখণ্ডৰ ফালে থাকি বহুত সমস্যাৰ মাজত চাকৰি কৰি থকাৰ অভিজ্ঞতা এটা লিখি আছে। তেওঁৰ লগত তোমাৰ পৰিবাৰৰ কথাবোৰ মিলি যোৱাযেন লাগিছে।”
বিজয়ে তেতিয়াহে ভেদ ভাঙিলে, “সেই তেৱেঁই মোৰ পৰিবাৰ হয়।”

মই তেনেই আকাশৰ পৰা পৰাযেন অনুভব হল। মোৰ ছোৱালীজনী সপ্তম মানত আৰু ল’ৰাটো তৃতীয় মানত পঢ়ি থকা অৱস্থাত মই পৰিয়ালটো অসমত থৈ, নিজে অকলে দুবছৰৰ কাৰণে ডেহৰাডুনত থাকিব লগীয়া হৈছিল। গতিকে হঠাতে পৰিয়ালৰ পৰা আঁতৰি থাকিব লগা হোৱাৰ সমস্যা কিমান মই বাৰুকৈয়ে অনুভব কৰিছোঁ। তথাপিও মোৰ ক্ষেত্ৰত এটাই ভাল কথা আছিল যে, ল’ৰা-ছোৱালী দুটাই মাকৰ মমতাৰ পৰা আঁতৰত থাকিব লগা হোৱা নাছিল। আনহাতে আমাক মাত্ৰ দুবছৰৰ কাৰণেহে পঠিয়াইছিল। তাৰ মাজতো, প্ৰতি পাঁচমাহৰ মুৰে মুৰে পোন্ধৰ দিনৰ কাৰণে বিমান যোগে অহা-যোৱাৰ খৰচ সহ চুটী মঞ্জুৰ কৰিছিল। মই অবশ্যে, তাৰ মাজতো প্ৰায় প্ৰতি দুই-আঢ়ৈ মাহৰ মুৰে মুৰে ঘৰলৈ আহি আছিলোঁ। পৰিয়ালো তাৰ মাজতে দুবাৰকৈ ডেহৰাডুন, মিচৌৰি ফুৰিবলৈ গৈছিল। তথাপিও সেই কেইটা দিন নেযায়- নুপুৱাই যেন লাগিছিল। তাৰ তুলনাত এই লিখিকা গৰাকীৰটো বহুত সমস্যা! উঠি অহা ল’ৰা-ছোৱালী দুটাক, বাধ্যত পৰি, নিজৰ মমতাৰ পৰা আঁতৰাই, মাকজনীয়ে সম্পূৰ্ণ অনিৰ্দিষ্ট কালৰ বাবে যাতায়াতৰ অতি দুৰ্গম যেন ঠাইত থাকি চাকৰি কৰিব লগীয়া হোৱাৰ কাহিনীটোৱে, লিখিকা গৰাকীৰ প্ৰতি মোৰ গভীৰ অনুকম্পাৰ সৃষ্টি কৰিছিল। তাতে লিখিকা গৰাকীয়ে ফেচবুকৰ আন আন শিতানত লিখা বলিষ্ঠ লিখনিৰে লিখা গল্প, অণুগল্প আদিয়ে লিখিকাৰ কলমৰ প্ৰতি মোক দুৰ্বাৰ ধৰণে আকৰ্ষিত কৰিছিল। কিন্তু, আমাৰ অসমীয়া মধ্যবিত্ত পৰিয়ালৰ এগৰাকী নম্ৰ চকৰিয়াল মহিলাই এই সকলোবোৰ সমস্যাৰ অতি শালিনতাৰে আৰু সাহসেৰে মুখা-মুখি হোৱা দেখি, লিখিকাৰ প্ৰতি মোৰ শ্ৰদ্ধা ওপজাইছিল। কিন্তু, সেই অচিন লিখিকা গৰাকীয়েই যেতিয়া মোৰ কলেজৰ দিনৰ বন্ধুপত্নী বুলি জানিব পাৰিলোঁ, তেতিয়া বিজয় আৰু ববিতা, দুয়োৰে প্ৰতি মোৰ এক অজান শ্ৰদ্ধা আহি পৰিল।

বিজয়ক সুধিলোঁ, “তুমি তেনে তোমাৰ পৰিবাৰ এঠাইত, আকৌ তুমি এঠাইত থাকি, ল’ৰা-ছোৱালীৰ তদাৰক কৰি নিজৰ চাকৰিৰে সৈতে, সংসাৰখন কেনেকৈ টানিছা? তোমাৰ পৰিবাৰেও ল’ৰা-ছোৱালী ইয়াত এৰি থৈ, সেইখন দণ্ডাকাৰণ্যহেন ঠাইত কেনেকৈ চাকৰি কৰিছে! তাতে অকল চাকৰি কৰাই নহয়, অনা- অসমীয়া ল’ৰা-ছোৱালী এমখাৰ তদাৰক কৰাকে ধৰি, সিহঁতক দক্ষতাৰে অসমীয়া শিকোৱা, আকৌ চৰকাৰী ওপৰৱালাৰ অন্যায়ৰ প্ৰতিবাদ কৰাকে আদি কৰি ইমানবোৰ সমস্যা কেনেকৈ পাৰ কৰিছেহে!”

বিজয়ে ফোনতে হাঁহি সুধিলে, “তুমি তেনে এওঁৰ লিখাটো নিয়মিত পঢ়ি আছা?”
মই কলোঁ, “মইটো ইমান দিনে এই ‘ববিতা শৰ্মা’ই যে তোমাৰ পৰিবাৰ, সেইটো মই জনাই নাছিলোঁ। লিখিকা গৰাকীৰ লিখাৰ ধৰণটোৱে মোক আকৃষ্ট কৰাৰ বাবেহে পঢ়িছিলোঁ। তোমাৰ মুখৰ আগতেই প্ৰশংসা কৰিছোঁ কাৰণে তুমি বেয়া নেপাবা, তোমাৰ পৰিবাৰে বৰ সুন্দৰ লিখে। ফেচবুকত কিছুমানে ইমান জেঙে- জাবৰে লিখে যে, মই আধা পঢ়িয়ে এৰি দিওঁ। কিন্তু ববিতা শৰ্মাই কথাবোৰ অতি সহজ সৰল ভাষাত, কোনো জটিলতা নথকাকৈ আৰু কোনো অতিশয়োক্তি নকৰাকৈ, অথচ প্ৰতিটো ঘটনাৰ বৰ্ননাত এটা উৎকণ্ঠা ভৰা কাহিনী কঠনেৰে সৈতে লিখি আছে। মইও সেয়েহে পঢ়ি আছোঁ।”

বিজয়েও বোধহয় মোৰ কথাখিনি হৃদয়ঙ্গম কৰিবলৈ সক্ষম হ’ল। সেয়েহে ফোনতে সন্তুষ্টিৰ হাঁহি এটা মাৰি কলে, ‘এতিয়া যেনিবা পৰিবেশটোৰ কিছু শুদ্ধৰণী হৈছে। তুমি পঢ়ি আছা যেতিয়া, তোমাৰ ৰসভঙ্গ নকৰোঁ। তুমি তেনে পিছৰখিনিও এওঁৰ লেখাটোতে পঢ়িবা।’

এমাহ মানৰ আগতে বিজয়ে এদিন WhatsAppতে মেচেজ কৰিলে, “পৰিবাৰে লিখা কিতাপখন ‘শিক্ষকতাৰ বাটত’ নাম দি প্ৰকাশ কৰিবলৈ লৈছোঁ। তুমি মুম্বাইত থাকা যেতিয়া কিতাপখন তুমি সংগ্ৰহ কৰিবলৈ অসুবিধা পাবা, সেয়ে তোমালৈ পঠিয়াই দিম। তোমাৰ ঠিকনাটো দিবাছোন।”

বিজয় আগৰে পৰাই, কম কথাকোৱা আৰু এককথাৰ মানুহ। যোৱা সপ্তাহত কিতাপখন মোৰ হাতত পৰিলহি।

আৰমান হাজৰিকা

নৱী-মুম্বাই, খাৰঘৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *