
‘শংখনর্তকী’ পঢ়ি উঠি গৰীয়সীৰ পাতত সম্পাদক ডঃ লক্ষ্মীনন্দন বৰাই ফেব্ৰুৱাৰী,২০১৯
সংখ্যাত আগবঢ়োৱা অভিমত :
‘বাংলাদেশৰ নতুন প্ৰজন্মৰ বিখ্যাত কথাশিল্পী নাসৰীন জাহানৰ অসমীয়া অনুবাদ শংখনর্তকী’ এনে এখন উপন্যাস যাৰ জটিল কাহিনী বিন্যাস, সমসাময়িক সমস্যাৰ বিশ্লেষণ, কাহিনী কোৱাৰ কৌশল, ভাষাৰ মাধুৰ্য আৰু সত্য উন্মেষণৰ সাহসিকতাই যিকোনো পঢ়ুৱৈক বিস্মিত, অভিভূত আৰু শ্বাসৰুদ্ধ কৰিব পৰাৰ ক্ষমতা লাভ কৰিছে।
সম্প্রতি পশ্চিমবংগতকৈ যে বাংলাদেশত ভাল গল্প-উপন্যাস লিখা হৈছে তাৰ প্ৰকৃষ্ঠ প্রমাণ ‘শংখনর্তকী’।
গংগা প্ৰসাদ হাজৰিকাই কৰা অনুবাদ ইমান সাৱলীল, সুন্দৰ আৰু যথাযথ হৈছে যে উপন্যাসখন তেওঁ নিজে লিখা যেন লাগে।

