🌹🌹 ‘লাভ ইন দ্য টাইম অৱ কলেৰা’ মূলতঃ 🌹🌹

এখন প্ৰেমৰ উপন্যাস।

One Hundred Years of Solitude শীৰ্ষক উপন্যাসখনৰ বাবে ১৯৮২ চনত সাহিত্যৰ নোবেল বঁটাৰে সন্মানিত গেব্রিয়েল গার্ডিয়া মার্কেজৰ উপন্যাসসমূহৰ ভিতৰত ‘লাভ ইন দ্য টাইম অৱ কলেৰা’ বহুকেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ।

প্রেম, প্রত্যাখ্যান, হর্ষ, বিৰহ, দাম্পত্য সুখ, দাম্পত্য কলহ, ঈর্ষা, যৌন সম্ভোগ, যৌন ব্যাভিচাৰ, বাধৈব্য যাতনা, বেশ্যাবৃত্তি, নৈ, সাগৰ, নাও, জাহাজ, যুদ্ধ, গৃহযুদ্ধ, নাৰী স্বাধীনতা, পুৰুষতন্ত্র, ঔপনিৱেশবাদ, নৌ পৰিবহণ, নিবনানিকৰণ, বন্যপ্রাণী হত্যা, অতিবৃষ্টি, অনাবৃষ্টি, কবিতা, সংগীত, হালধীয়া সাংবাদিকতা, হত্যা, আত্মহত্যা, নদীবান্ধ, মহামাৰী, চিকিৎসা সেৱা, ধৰ্মীয় ভণ্ডামি আৰু কত কি বিষয়বস্তু যে সামৰি লোৱা নাই ‘লাভ ইন দ্য টাইম অৱ কলেৰা ই।

বিশ্ব সাহিত্যৰ ভাবমণ্ডলৰ সৈতে পৰিচিতি তথা সম্পৰ্ক গঢ়ি তুলিব বিচৰা পঢ়ুৱৈ আৰু লেখকসকলৰ বাবে এই উপন্যাসখন নিতান্তই পঢ়া দৰকাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *