💐💐💐গ্ৰন্থ সুবাস / গ্ৰন্থ যাত্ৰাৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐

💐💐💐আজিৰ অতিথি💐💐💐

✍সুকন্যা গাৰ্গী শ‌ইকীয়া

গ্ৰন্থ : ‘ লাজ ‘

লেখক : নীলিম আকাশ কাশ্যপ

      শেহতীয়াকৈ মই পঢ়া উপন্যাসসমূহৰ ভিতৰত মোৰ ভাল লগা এখন উপন্যাস হৈছে,নীলিম আকাশ কাশ্যপৰ "লাজ"। "কইনা"ৰ বজাৰত বিক্ৰী হোৱা এগৰাকী অসমীয়া নাৰীৰ আত্মকথা আৰু এটা unlove story...উপন্যাসখনৰ মূল বিষয়।
      বিশ্বৰ বিভিন্ন প্ৰান্তত আছে কইনাৰ বজাৰ, কিন্তু যিখন ভাৰতত নাৰীক মাতৃ জ্ঞান কৰা হয়, সেইখন ভাৰততো যে কইনাৰ বজাৰ এখন থাকিব পাৰে, সেয়া সাধাৰণ দৃষ্টিত সপোনৰো অগোচৰ।প্ৰেমিকৰ দ্বাৰাই সৰবৰাহৰ বলি হোৱা এগৰাকী অসমীয়া নাৰী কিদৰে হাৰিয়ানাৰ অভাৰগ্ৰাউণ্ড কইনাৰ বজাৰত বিক্ৰী হয়, তাকেই লৈ "লাজ" উপন্যাসখন ৰচনা কৰা হৈছে।অকল্পনীয়, অবিশ্বাস্য নাৰী সৰবৰাহৰ শিহৰণকাৰী ঘটনাৰাজিৰ জীৱন্ত বৰ্ণনা উপন্যাসখনৰ পাতে পাতে উপলব্ধ।
     খুব সম্ভৱত ভাৰতৰ হাৰিয়ানাতেই আছে কইনাৰ অভাৰগ্ৰাউণ্ড বজাৰ আৰু পত্নী কিনাৰ নিচিনা কুপ্ৰথা।এনেদৰে কিনি লোৱা পত্নীক হাৰিয়ানাত স্থানীয়ভাৱে ম'ল্কি বোলা হয়।"লাজ"উপন্যাসৰ নায়িকা নিজৰা,যি চাৰিবাৰকৈ বিক্ৰী হ'ব লগা হৈছিল অৰ্থাৎ তাইৰ জীৱনলৈ আহিছিল চাৰিজনকৈ স্বামী আৰু আন এজনৰ বাবে হ'ব লগা হৈছিল fifth-hand wife । দুৰ্ভাগ্যৱতী নিজৰাই নিজৰ পুত্ৰৰ পত্নী হোৱাৰ বিপৰীতে হ'ব লগা হৈছিল গিৰিয়েকৰ খুৰাকৰ 'গোপন পত্নী'।
       হাৰিয়ানাত দুৰ্বিসহ জীৱন অতিবাহিত কৰা নিজৰাই নিজৰ পখিলা খেদা বয়সক ৰোমন্থন কৰি নষ্টালজিয়া হৈ পৰাৰ জৰিয়তে আৰম্ভ হৈছে উপন্যাসৰ প্ৰথম পৃষ্ঠা।নিজৰাহতঁৰ গাঁৱলৈ প্ৰায়ে যোৱা এজন বিশেষ মনিহাৰী দোকানীৰ পৰা নিজৰাৰ ঘৰখনে প্ৰয়োজনীয় সামগ্ৰী কিনিছিল আৰু লাহে লাহে সেই দোকানীজনক নিজৰাই ভাল পাই পেলাইছিল আৰু গোটেই জীৱন তেওঁৰ লগত কটোৱাৰ হেঁপাহেৰে ঘৰখনক এৰি থৈ গুচি আহিছিল দোকানীজনৰ লগত।দোকানীজনৰ লগত থকা দ্বিতীয়দিনটোৰ পৰা আৰম্ভ হৈছিল কলীয়া মেঘে ঢাকি থোৱা জোনাক।নিজৰাই বুকু উজাৰি মৰম দিয়া লোকজন যাক তাই স্বামী জ্ঞান কৰিছিল, তেৱেঁই তাইক  বিশ্বাস ঘটাকতা কৰি বিক্ৰী কৰিছিল ৭০ৰ উদ্ধৰ এজন বৃদ্ধৰ ওচৰত, এদিনীয়া স্বামীৰ লগত চৌব্বিশ ঘন্টা নহওঁতে দ্বিতীয়জন স্বামীৰে আৰম্ভণি হৈছিল অন্য এখন সংসাৰৰ।বৃদ্ধ স্বামীক চোৱা-চিতা কৰিবৰ বাবে তাইক বিয়া পাতি আনিছিল, এবছৰৰ ভিতৰতেই স্বামীৰ মৃত্যুৰ পিছত বিধৱা নিজৰাই বিজয়ৰ পত্নী( তৃতীয় স্বামী)হ'ব লগা হৈছিল, বিজয় আছিল নিজৰাৰ দ্বিতীয় স্বামীৰ আগৰজনী পত্নীৰ পুত্ৰ। লাজৰ ওৰণি খুলি থৈ নিজৰা হ'ব লগা হৈছিল নিজৰ পুতেকৰ পত্নী।বিজয় পেছাত এজন কৃষক, সি তাইক কেতিয়াও পত্নীৰ দৃষ্টিৰে চোৱা নাছিল, নিজৰা আছিল তাৰ বাবে ভোগৰ সামগ্ৰীহে মাথোঁ।দিনটো পথাৰত কাম কৰি ৰাতি ভোকাতুৰ বাঘে ছাগলী দেখিলে জঁপিয়াই পৰাদি নিজৰাৰ দেহটো নিজৰ বহুবন্ধনলৈ নিয়ে বিজয়ে।দিনৰ দিনটো ঘৰৰ সমস্ত কাম-কাজ কৰি নিজৰাই যেতিয়া শোৱনি কোঠাত সোমায়, তাৰ পিছত বিজয় আহি নোপোৱালৈকে, প্ৰায় আধাঘন্টা সময় -সেইখিনিয়েই নিজৰাৰ নিজৰ সময়, সেইখিনিয়েই নিজৰাৰ জিৰণিৰ সময়।নিজৰাৰ সোমোৱাৰ আধাঘণ্টামানৰ পিছত বিজয় ৰুমত প্ৰৱেশ কৰে।তাৰ পিছত light অফ কৰি আৰম্ভ হয় বিজয়ৰ অত্যাচাৰ-নিজৰাৰ বুকুত, পেটত, কঁকালৰ নিম্নাংশত....।এনেদৰে মৰমৰ অত্যাচাৰ হয় প্ৰতিনিশা।অনিচ্ছাসত্বেও নিজৰাই সকলো সহি যায়।
        তাৰ মাজতে দিনত বিজয় নথকাৰ সুযোগত খুড়া শহুৰৰ হাতত তাই বহুবাৰ ধৰ্ষিতা হ'ব লগা হৈছিল, এই কথা জানিও বিজয়ে কোনো প্ৰতিবাদ নকৰাত তাই জানিছিল, তাই তেওঁলোক আটাইৰে আলপৈচান ধৰা আৰু ভোগৰ সামগ্ৰীহে।আৰু কিমান দিন তাই তেওঁলোকৰ লগত থাকিব, তাৰো নিশ্চয়তা নাই,তাই আকৌ হ'ব পাৰে লোকৰ পত্নী।অনিশ্চয়তাত তাই ভাৱে, সুখৰ মুখ কেনি?কিমানবাৰলৈ আৰু কেতিয়ালৈ তাই ধৰ্ষিতা হ'ব লাগিব?তেনেতে টিভিত শুনা এটা বাতৰিয়ে তাইৰ বুকু খুন্দা মাৰি ধৰিলে যে ,নন্দুৱালীৰ পৰা এজনী ছোৱালীক আৰক্ষীয়ে উদ্ধাৰ কৰিছে, তাই প্ৰাৰ্থনা কৰিছে যে সেইছোৱালীজনী অসমৰ নহ'লেই হয়।তাইৰ পিছত যাতে কোনো ছোৱালী এনে নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত পৰিব লগা নহয় তাৰ বাবে তাই সদায় ভাৱে।
          উপন্যাসখন পঢ়ি সঁচাই ভাল লাগিল, এনে শিহৰণকাৰী সঁচা কাহিনী টিভিত হে দেখিছিলো, কিন্তু নিজে পঢ়িব পাৰি সপোন সপোন লগা কথাবোৰে যেন বাস্তৱতা পালে। নিজৰাই গম পালে যে সপোন দেখি লাভ নাই।তাই মৰাৰ দিনলৈকে হাৰিয়ানাতে থাকিব লাগিব।এতিয়াও হাৰিয়ানাত প্ৰতিদিনে দহখন ম'ল্কি বিয়া হয়।নিজৰাই জানে মুক্তি সহজসাধ্য নহয়, তথাপি ম'ল্কি নামৰ শিকলিডাল ছিঙি মুক্ত হোৱাৰ সপোনটোৱে নিজৰাক উদ্বাউল কৰিছিল।
          এইছেগতে লেখক নীলিম আকাশ কাশ্যপ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ,এটাঅসমীয়া নাৰীৰ জীয়া কাহিনী পাঠক সমাজক উপহাৰ দিয়াৰ বাবে। কাহিনীৰ আৰম্ভণি হৈছিল নিজৰাৰ প্ৰেমগাঁথাৰে,যি ভালপোৱাই তাইক শিকলি পিন্ধাই কইনাৰ বজাৰত বাৰম্বাৰ বিক্ৰী হবলৈ বাধ্য কৰাইছিল, গতিকে এয়াটো প্ৰেম হ'ব নোৱাৰে, unloveহে মাথোঁ।
                  ।।সমাপ্ত।।
                  ধন্যবাদেৰে

         সুকন্যা গাৰ্গী শ‌ইকীয়া
                   আমগুৰি

Leave a Reply

Your email address will not be published. Required fields are marked *