
💐এগৰাকী অদ্বিতীয় বিদ্বানৰ স্মৃতি আৰু অভিজ্ঞতাৰ বাটেৰে অন্য এখন জগত আৱিষ্কাৰৰ ৰসসিক্ত আনন্দৰ আস্বাদ💐
ড০ হীৰেন গোহাঁইৰ
লস্ত্ লাগিজ্
দাম : ১৯০ টকা
প্ৰকাশক : পূৰ্বায়ন প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
সাম্প্ৰতিক সময়ৰ এগৰাকী অদ্বিতীয় বিদ্বান, পণ্ডিত লেখক, সমালোচক, অধ্যাপক ড০ হীৰেন গোহাঁইৰ ‘লস্ত্ লাগিজ্’ অসমীয়া সাহিত্যলৈ এক বিশিষ্ট সংযোজন।
বিস্তৃত বিদ্যাতনিক আৰু সামাজিক অভিজ্ঞতাৰ অধিকাৰী ড০ গোহাঁইৰ এই গ্ৰন্থখন তেওঁৰ স্মৃতিৰ খণ্ডিত বিচ্ছুৰণৰ এক প্ৰতিফলন।
ড০ শৈশৱ, প্ৰাক যৌৱনৰ পৰা আৰম্ভ কৰি কেম্ৰিজত তেওঁৰ শিক্ষা জীৱন, কৰ্মজীৱনৰ বিভিন্ন বিক্ষিপ্ত অভিজ্ঞতা বিধৃত হৈছে এই গ্ৰন্থখনত।
তেওঁৰ অভিজ্ঞতাৰ ব্যাপকতা তেওঁৰ সংবেদনশীলতাৰে যুক্ত হৈ এক অতুলনীয় সৌন্দৰ্য আৰু অনুভৱৰ ৰূপত এই গ্ৰন্থত প্ৰতিফলিত হৈছে।
আপাততঃ ক্ষুদ্ৰ কিন্তু ব্যাপকতাময় অভিব্যঞ্জনা গ্ৰন্থখনৰ প্ৰতিটো লেখাতে প্ৰতিফলিত হৈছে।
পূৰ্বে প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি আৰু স্নেহৰ হীন-দেড়ি নোহোৱাৰ পৰিপ্ৰেক্ষিততে গ্ৰন্থখনৰ এই নতুন সংস্কৰণ প্ৰকাশ কৰিছে পূৰ্বায়ণ প্ৰকাশনে।
সময়ৰ সীমাবদ্ধতাক অতিক্ৰম কৰিবলৈ সক্ষম হোৱা ড০ গোহাঁইৰ এই গ্ৰন্থখনৰ লেখাবোৰৰ দ্যুতিয়ে নতুনচাম পঢ়ুৱৈকো আলোকিত কৰিব বুলি নিসন্দেহে ক’ব পাৰি।
তদুপৰি প্ৰখৰ পাণ্ডিত্যৰ আলোকজাল আৰু সৰহখিনি সাহিত্য আৰু সমাজ কৰ্মতে গুৰু গম্ভীৰ ৰূপত দেখা পোৱা ড০ গোহাঁইৰ এই ব্যক্তিত্বৰ আঁৰৰ তীব্ৰ কৌতুপূৰ্ণ, ৰসসিক্ত অথচ অচপল প্ৰাণময়তাৰ অন্য এক ব্যক্তিসত্ত্বাক আৱিষ্কাৰ কৰাতো ‘লস্ত্ লাগিজ্’-এ সহায় কৰিব।
