
💐💐লতা বিষয়ক প্ৰথমখন কিতাপ💐💐💐
✍️ মনজিত ৰাজখোৱা💞
লতা মংগেশকাৰক লৈ সৰ্বপ্ৰথমখন কিতাপ লিখা হৈছিল অসমীয়া ভাষাত। নিৰোদ চৌধুৰীয়ে লিখিছিল “লতা, সুৰীয়া লতা”।
নেহৰু ষ্টেডিয়ামৰ মঞ্চত কিতাপখন মুকলি কৰি লতা মংগেশকাৰে কৈছিল, “এইখন মোৰ বিষয়ে প্ৰথমখন কিতাপ।” আজি লতা গৱেষক স্নেহাশীষ চেটাৰ্জীয়েও কথাৰ মাজতে কলে- নিৰোদ চৌধুৰীৰ কিতাপখনৰ পূৰ্বে লতা মংগেশকাৰক লৈ আৰু একো কিতাপ প্ৰকাশ হোৱাৰ তথ্য, কেইবা দশকজোৰা গৱেষণাকালত তেওঁ পোৱা নাই। বাংলাত এশ শতাংশই প্ৰকাশ হোৱা নাই, মাৰাঠীতো হোৱা নাই, হিন্দীতো নাই, ইংৰাজীতো নাই।
নিৰোদ চৌধুৰীৰ ভাষা আৰু বৰ্ণনাৰতো জৱাব নাই। লতা মংগেশকাৰৰ চৰাঘৰত বহি তেওঁ কি দেখিছিল? তাৰে দীঘলীয়া বিৱৰণৰ একাংশ —
“দেৱালৰ সৈতে খাপ খোৱা এটি ৰেক। কিতাপৰ।
কি কিতাপ ?
বাখ? বিথোভেন ? মজাৰ্ট? চাইকোভস্কিৰ ?
এওঁলোকতো সংগীতৰ মানুহ।
টলষ্টয়? চেখভ? ছেক্সপীয়েৰ? বার্ণাড শ্বৰ ?
এওঁলোকতো সাহিত্যৰ মানুহ। এইবোৰ নহয়।
সৰু স্কুলীয়া ল’ৰা-ছোৱালীয়ে ব্রাউন ৰঙৰ কাগজৰ জিল লগাই চিয়াঁহীৰে গদীত নাম লিখা কিছু কিতাপৰ সংগ্রহ। সেইবোৰৰ সৰহভাগেই ধর্মমূলক গ্রন্থ। কিছু গধুৰ চিন্তামূলক।
হিন্দী ভাষাৰ। মাৰাঠী ভাষাৰ। যাৰ মাজত আছে বিবেকানন্দৰ সম্পূর্ণ গ্রন্থাৱলী। ৰবীন্দ্ৰনাথৰ গ্রন্থাৱলী।
ৰাধাকৃষ্ণনৰ গ্রন্থাৱলী। অৰবিন্দ গ্রন্থাৱলী।
আমাৰ কেইজনে ‘কীর্তন’ ড্রয়িংৰূমত থোৱাৰ সাহস ৰাখে ? এইটো ‘শ্ব’ নহয়। আন্তৰিকতা। জীৱনৰ প্রতি শিল্পীৰ গভীৰ শ্ৰদ্ধাৰে গঢ়ি তোলা জীৱনৰে প্রতিফলন।”

