🌹🌹🌹🌹🌹 যি কথা ক’বলৈ মন যায়🌹🌹🌹🌹

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ সমাজতত্ত্ব বিভাগৰ গৱেষক ছাত্ৰ, পৰৱৰ্তী কালত নিজৰ বিভাগৰে এগৰাকী কৃতী শিক্ষক তথা মুৰব্বী অধ্যাপকৰ দায়িত্ব পালন কৰিও সমাজতত্ত্ব বিষয়ক কেইবাখনিও গুৰুত্বপূৰ্ণ গ্ৰন্থৰ লেখক ড° জ্যোতি শ‍ইকীয়াক ম‍ই ছাত্ৰাৱস্থাৰ পৰাই দেখি আহিছোঁ এগৰাকী হাঁহিমুখীয়া, শান্ত, সমাহিত কর্তব্যনিষ্ঠ ব্যক্তি হিচাপেই নহয়, সমানে এগৰাকী প্ৰতিভাশালী সৃষ্টিশীল লেখক স্বৰূপেও।

সম্প্রতি চুতীয়া ৰাণী তথা বিৰাংগনা সতী সাধনীৰ স্মৃতিত গোলাঘাটত আৰম্ভ কৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত থাকিও নিজৰ হাতৰ কাপ সক্ৰিয় কৰি ৰখা জ্যোতিয়ে ডিব্ৰুগড়ৰ পৰা প্রকাশ পাই থকা দৈনিক কাকত ‘অসম আদিত্যত ‘ভঙা জলঙা’ শিৰোনামেৰে এটি শিতান নিয়মীয়াকৈ লিখি আহিছে।

কাকো অসন্তোষ নিদিয়াকৈ নিজৰ মনৰ ভাব শালীন ভাষাৰে পঢ়ুৱৈৰ বাবে পঠনযোগ্য আৰু আনন্দদায়ক ৰূপত লিখি অহা এশটি এনে লেখাৰ এটি শতদল যেন সংকলন প্ৰকাশৰ পথত বুলি জানিব পাৰি আনন্দ অনুভৱ কৰিছোঁ আৰু জ্যোতিক মোৰ আন্তৰিক শুভেচ্ছা তথা শুভাশিস জ্ঞাপন কৰিছোঁ।

তেওঁ যেন এনেকৈয়ে স্থিতপ্রজ্ঞ হৈ নিজৰ মন আৰু হাতৰ কাপ সদা সক্ৰিয় কৰি ৰাখে।

✍️ ড: নগেন শ‍ইকীয়া

সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শ‍ইকীয়া এজন সৃষ্টিশীল আৰু চিন্তাশীল লেখক।

তেওঁ কবি, গল্পকাৰ আৰু ঔপন্যাসিক।

তেওঁ এজন সূক্ষ্ম দৃষ্টিসম্পন্ন সমাজ সমালোচক।

‘অসম আদিত্য’ কাকতখনত তেওঁ কেইবাবছৰো ধৰি নিয়মীয়া শিতানত লিখি থকা প্ৰবন্ধসমূহে ড° শ‍ইকীয়াৰ বহল পৰিসৰত কৰা অধ্যয়নৰ লগতে সমাজ জীৱনৰ প্ৰতি স্বীকাৰ কৰা দায়ৱদ্ধতাৰো পৰিচয় দাঙি ধৰিছে।

চিন্তাৰ পৰিচ্ছন্নতা আৰু ভাষাৰ সৰলতাৰ বাবে প্ৰবন্ধকাৰ ড° শ‍ইকীয়া ইতিমধ্যে অসমীয়া পাঠকৰ লগত সুপৰিচিত।

এই কিতাপখনে অসমীয়া প্ৰবন্ধ সাহিত্যক চহকী কৰিছে।

✍️ ড: আনন্দ বৰমুদৈ

Leave a Reply

Your email address will not be published. Required fields are marked *