
ড০ লোহিত দত্ত বৰুৱাৰ উপন্যাস “যাত্ৰাৰ শেষ নাই”
প্ৰকাশকঃ মণিকূট
মূল্যঃ ২৫০.০০ টকা
ড০ লোহিত দত্ত-বৰুৱাৰ ‘যাত্ৰাৰ শেষ নাই’ উপন্যাসখনৰ অন্তৰ্ভাগ গঢ় লৈ উঠিছে লেখকৰ শৈশৱতে আৰম্ভ হৈ এতিয়াও শেষ নোহোৱা এক ভিন্নমুখী যাত্ৰাৰ বিভিন্ন দিশক সামৰি।
আজিৰপৰা কেবাদশকৰো আগৰ গুৱাহাটী চহৰখনৰ মাজ-মজিয়াত থকা এখন ঐতিহাসিক দেৱালয়ক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগে গতি কৰিছে।
ই মূলতঃ সামাজিক বাধ্য- বাধকতাৰ বাবে বিফল হোৱা এক প্ৰেম কাহিনী, যাৰ মাজেৰে লেখকে মানৱীয় প্ৰেমক এক আধ্যাত্মিক স্তৰলৈ নিয়াৰ প্ৰয়াস কৰিছে।
ৰজা দিনীয়া দেৱালয়ৰ আশে-পাশে ঘটা কিছু কাহিনীৰ বাস্তৱ অভিজ্ঞতাক মূল সমল হিচাপে লৈ তাত কল্পনাৰ ৰহণ সানি লেখকে উপন্যাসখনৰ জুমুঠিটো বৰ সুন্দৰভাৱে সজাইছে।
অভাৱ-অনাটন, প্ৰেম-বিৰহ আৰু সুখ-দুখক চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপ আৰু সেইসময়ৰ গুৱাহাটী চহৰখনৰ ভূল-ভ্ৰান্তিৰে ভৰা সামাজিক পৰিৱেশৰ কথা উপন্যাসখনত বৰ সুন্দৰকৈ প্ৰকাশ পাইছে।
লেখক ড০ লোহিত দত্ত-বৰুৱা আমেৰিকাৰ হিউষ্টন চহৰৰ এগৰাকী স্থায়ী বাসিন্দা।
তখেতে এগৰাকী সক্ৰিয় কৰ্মযোগী অভিজন্তা হোৱাৰ উপৰিও জনপ্ৰিয় লেখক আৰু এজন সফল দৌৰবিদ।
পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি অভিজ্ঞতাৰ ভঁৰাল টনকিয়াল কৰি ৰখা লেখক ড০লোহিত দত্ত-বৰুৱাৰ ‘যাত্ৰাৰ শেষ নাই’ উপন্যাসখন প্ৰকাশৰ পূৰ্বে চৈধ্যখন ভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশ হৈ ওলাইছে।
তাৰে ছয়খন মাতৃভাষা অসমীয়াত ৰচিত আৰু আঠখন ইংৰাজী ভাষাত ৰচিত।
ইয়াৰে ইংৰাজীত লিখা স্মৃতি গ্ৰন্থ ‘One Long Journey’ ৰ কাহিনীৰ ভেটিত অসমীয়া কথাছবি ‘ইতি তোমাৰ’ এই বছৰৰ আৰম্ভণিতে মুক্তি পাইছে।
মণিকূট প্ৰকাশন
