
🌹🌹ইংৰাজী সাহিত্যৰ ডক্টৰেট অৰূপা পটঙ্গীয়া কলিতা আধুনিক অসমীয়া সাহিত্যত এক উজ্জ্বল নাম।🌹🌹
পাঠক সমালোচকৰ দ্বাৰা বিপুলভাৱে সমাদৃত এই গৰাকী লেখিকা ইতিমধ্যে কেইবাটাও বঁটাৰ দ্বাৰা সন্মানিত হৈছেঃ ১৯৯৩ ত পশ্চিমবঙ্গৰ সাহিত্য-সেতু নামৰ লিট্ল মেগাজিনৰ তৰফৰপৰা শৈলেশ চন্দ্ৰ দাসগুপ্তা সাহিত্য-সেতু পুৰস্কাৰ, ১৯৯৫ ত ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ, ১৯৯৮ ত দিল্লীৰ ‘কথা’ নামৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠানৰ পৰা ‘কথা বঁটা।
ইতিমধ্যে ১৯৯৫ ত অসম সাহিত্য সভাই প্ৰদান কৰা ‘বাসন্তী বৰদলৈ স্মৃতি পুৰস্কাৰ’ লেখিকাই সবিনয়ে প্রত্যাখ্যান কৰে, কিয়নো লেখিকাই সাহিত্য সৃষ্টিৰ উৎকৰ্ষৰ বিচাৰত লিঙ্গভেদ অপ্রাসঙ্গিক বুলি ভাবে।
অৰূপা পটঙ্গীয়া কলিতা টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আৰু টংলাৰপৰা প্ৰকাশিত ‘দামল’ নামৰ সাহিত্য-সংস্কৃতিমূলক অব্যৱসায়িক আলোচনীৰ সৈতে জড়িত।
অৰূপা পটঙ্গীয়া কলিতাৰ গ্ৰন্থাৱলী : মৃগনাভি (১৯৮৭), মে’পল হাবিৰ ৰং (১৯৮৯), মৰুযাত্ৰা আৰু অন্যান্য (১৯৯২), অয়নান্ত (১৯৯৪), মৰুভূমিত মেনকা আৰু অন্যান্য (১৯৯৫), মৃগনাভি (পৰিবৰ্দ্ধিত সংস্কৰণ, ১৯৯৫), দেওপাহাৰৰ ভগ্ন স্তূপ (১৯৯৯), কাঁইটত কেতেকী (১৯৯৯)।
