অসম আন্দোলনৰ সময়ৰ পৰা আজিৰ দিনলৈকে অসমৰ কোনো সংবেদনশীল মানুহ, কবি সাহিত্যিকৰ কথা ক’বই নালাগে, মানবীয় কিছু সংকটপূর্ণ মুহূৰ্তৰ মুখামুখি নোহোৱাকৈ থকা নাই।

আন সময়তো সংকট আহে, কিন্তু এই সময়ছোৱাত অসমৰ জনগণ এনে ধৰণৰ কিছু ঘটনাৰ কবলত পৰিল যে তাক আনকি মানৰ দিনৰ লগতো তুলনা কৰিব নোৱাৰি।

আনহাতে এই সময়খণ্ডৰ ভিতৰতে নতুন প্রযুক্তিৰ হাত ধৰি অহা বিশ্বায়নৰ দ্ৰুত আৰু আগ্ৰাসী প্ৰসাৰে আমাৰ জীৱনলৈ অভূতপূর্ব, অপ্রত্যাশিত আৰু আকস্মিক পৰিবৰ্তন লৈ আহে যি আমাৰ সমাজজীৱন, পৰিয়াল আৰু ব্যক্তি জীৱনত নতুন আৰু প্ৰবল প্ৰত্যাহ্বানৰ মুখামুখি কৰাই দিয়ে।

এনে এক সময়ৰ পটভূমিত অৰূপা পটঙ্গীয়া কলিতাই সময়ক ধৰি ৰখাৰ, তাক বুজি উঠাৰ চেষ্টাৰে লিখা এই সংকলনভূক্ত লেখাবোৰে এক ঐতিহাসিক চেতনাঋদ্ধ আৰু মানৱীয় সহানুভূতিসিক্ত সৃষ্টিশীল সত্বাৰ পৰিচয় দিছে।

গুপ্তহত্যাৰ সেই ভয়াবহ দিনবোৰ, নৃগোষ্ঠীগত সংঘৰ্ষ আৰু নিপীড়নৰ সময়ছোৱা, ঘৃণাৰ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাই অন্ধকাৰ কৰি তোলা দিনবোৰ, নাৰীজীৱনৰ বিকাশত পুৰুষতান্ত্রিক সমাজ আৰু পৰিয়ালে চলাই থকা অৱহেলা আৰু অবদমন আৰু এনে কিছু সামাজিক-ৰাজনৈতিক- অৰ্থনৈতিক কাৰকে সৃষ্টি কৰা ব্যক্তিজীৱনৰ মনস্তাত্বিক জটিলতা— এনেবোৰ মর্মবস্তুকে লৈ বিভিন্ন সংকলনত সিঁচৰতি হৈ থকা কেইখনমান উপন্যাসিকা আৰু গল্পৰ পুনর্মুদ্ৰণৰে এইখন সংকলন ‘মোৱাধৰা পথাৰৰ মাণিকী মধুৰী’ক সহৃদয় পাঠকসকলে লেখকৰ আগৰ গ্ৰন্থবোৰৰ দৰেই আদৰি ল’ব বুলি আশা থাকিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *