কোনোবাই যেতিয়া এটা প্ৰেৰণাদায়ক মন্তব্যৰে উৎসাহ দিয়ে তেতিয়া লেখিকাৰ মন ভৰি যায়।

‘মোৰো এটা মন আছে’ আৰু মোৰ ব্যক্তিগত অনুভৱ

'আকাশীগঙ্গা বিচৰা নাই' নামৰ সামাজিক উপন্যাস খনেৰে অসমীয়া উপন্যাস জগতত ভুমুকি মৰা লেখিকা 'বিনীতা বৰুৱা'ৰ দ্বিতীয় প্ৰয়াস 'মোৰো এটা মন আছে' নামৰ সামাজিক উপন্যাসখন পঢ়ি অভিভূত হৈছো। উপন্যাস খনত বৰ্ণিত কাহিনী, উপস্থাপন, প্ৰকাশভঙ্গী, বিভিন্ন সামাজিক ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতি, আদৰ্শ, সংস্কাৰ, সমাজ সচেতনতা, প্রেম, ত্যাগ, আনন্দ-বিৰহ, স্বাৰ্থপৰতা, অনুশোচনা আদি সকলো দিশ সামৰি লোৱা উপন্যাস খনত লেখিকাৰ প্ৰকাশ  কৌশল তাৰ  সুস্পষ্ট ছবি দেখিবলৈ পোৱা গৈছে। 

উপন্যাসখনত বৰ্ণিত সৰু সৰু কথা কিছুমানৰ  উপস্থাপন ভঙ্গীয়ে উপন্যাসখন অধিক মনোগ্ৰাহী কৰি তুলিছে। (উদাহৰণস্বৰূপে: বেণুধৰে চাহকাপ শেষ হৈ যোৱাৰ পিছত কাপৰ তলিত লাগি থকা চেনিখিনি তৰ্জনী আঙুলিৰে কুৰুকি কুৰুকি খোৱা)।
কাহিনীৰ প্ৰধান চৰিত্ৰ 'নম্রতা ' ৰ প্ৰেমে বাৰুকৈয়ে মুগ্ধ কৰিছে। প্ৰেমৰ দৰে স্বৰ্গীয় অনুভূতিত যে প্ৰপ্তিয়েই নহয় ত্যাগৰ দৰে মহান গুনেও ইয়াক মহীয়ান কৰি তোলে সেইটো 'নম্ৰতা' চৰিত্ৰটিৰ জৰিয়তে লেখিকাই সুন্দৰকৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। নাৰী অবলা, দুৰ্বল নহয়। নাৰী সবলীকৰণ ৰ দিশটোৰ প্ৰতি লেখিকাই গুৰুত্ব দিয়া দেখা গৈছে। নম্ৰতাৰ সংস্কাৰী মন টো গঢ় দিয়াত ঘনকান্ত দুৱৰা আৰু কাবেৰী দুৱৰাৰ ভূমিকাও লেখত লবলগীয়া।      

মানুহ সময়ৰ দাস। এই সময়ে 'নীল' ক 'নম্ৰতা ' ৰ পৰা আঁতৰাই নিলেও দিশ হাৰা নীলে মনৰ পৰা নম্ৰতাক কেতিয়াও আঁতৰাই পঠাব পৰা নাছিল। প্ৰেমত বিশ্বাসে যেনেকৈ সম্পৰ্কটো অধিক মজবুত কৰিব পাৰে সেইদৰে ভুল বুজাবুজিয়েও যে সম্পৰ্কটো শেষ কৰি দিব পাৰে তাক উপন্যাস খনে সোঁৱৰাই দিছে।      

আলাসত ডাঙৰ হোৱা ধনীৰ দুলালী ' স্মৃতি ' ৰ জেদ , অহংকাৰৰ ফলত বহুতৰে জীৱন খেলিমেলি হৈ গ'ল।আনৰ সপোন ভাঙি কুট কৌশলেৰে ' নীল ' ৰ লগত সাংসাৰিক জীৱন আৰম্ভ কৰিও সুখী হব নোৱাৰা আধুনিকা ' স্মৃতি 'ৰ বিলাসী জীৱন ধাৰণ , অধিক সৌন্দৰ্য সচেতন হৈ শেষত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাটো ৰ দ্বাৰা লেখিকাই স্বাস্থ্য সচেতনতা সম্পৰ্কে যি ইংগিত দিছে তাৰপৰা লেখিকাৰ সামাজিক দয়বদ্ধতা প্ৰকাশ পাইছে। 'নম্ৰতা' ৰ 'আই ' ওলোৱা সময়তো এই সম্পৰ্কে পাঠকক সচেতন কৰি তোলাৰ প্ৰয়াস কৰা দেখা গৈছে।   

স্মৃতিৰ দেউতাক ৰমেশ তেৰাং সন্তানৰ প্ৰেমত অন্ধ হৈ স্বাৰ্থপৰ হৈ পৰাটো আজিৰ সমাজত দেখা এখন বাস্তৱ ছবি। অৱশ্যে শেষত স্মৃতিৰ লগতে মাক দেউতাকৰ অনুশোচনা হোৱাত ভাল লাগিল।    

পিতৃ মাতৃৰ মাজত হোৱা কন্দলে সন্তানৰ মনত পেলোৱা কুপ্ৰভাৱ উপন্যাস খনত দেখিবলৈ পোৱা গৈছে। অভিভাৱক সকল এইক্ষেত্ৰত সচেতন হোৱা অতি প্ৰয়োজন।     

মুঠতে কব পাৰি সকলো দিশ সামৰি লোৱা 'মোৰো এটা মন আছে'উপন্যাস খনে পাঠক সমাজক আমোদ দিয়াৰ লগতে চিন্তাৰ খোৰাক যোগাই কিছুক্ষেত্ৰত সজাগ হোৱাত সহায় কৰিব পাৰিব বুলি আশা কৰিব পাৰি। 

এনে এখন সুন্দৰ উপন্যাস পঢ়িবলৈ সুযোগ দিয়াৰ বাবে শ্রদ্ধাৰ লেখিকা গৰাকীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈও এনেদৰে আমাক গ্ৰন্থ উপহাৰ দি যাব বুলি আশা ৰাখিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *