
💐মেদিনী চৌধুৰীৰ অসমলৈ অৱদান কি ..💐💐
মেদিনী চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক।
তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
সাহিত্য অকাডেমি বঁটাৰে ১৯৯৯ চনত সন্মানিত হৈছিল।
তেখেতে শ্বিলঙত অসম সচিবালয়ত কৰ্মজীৱন আৰম্ভ কৰে।
পাছত অসমীয়া, নতুন অসমীয়া, দৈনিক শান্তিদূত আদি কাকতত পাঁছ বছৰ সম্পাদনা বিভাগত কাম কৰে।
তেখেতে কিছুদিন সূত্ৰধাৰ আলোচনী সম্পাদনা কৰে।
তেখেতে ‘তাত নদী নাছিল’ নামৰ উপন্যাসৰ বাবে ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ‘বিপন্ন সময়’ নামৰ উপন্যাসৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
গ্ৰন্থসম্ভাৰ তালিকা
অনন্য প্ৰান্তৰ (১৯৭২)
বণ্ডুকা বেহাৰ (১৯৭৬)
মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস
তাত নদী নাছিল (১৯৭৭)
অৰণ্য আদিম (১৯৭৮)
ফেৰেংগাদাও( ১৯৮২ )বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস।
লুইত বৰাক আৰু ইছলাম (১৯৮২) বুৰঞ্জীমূলক গ্ৰন্থ
যাদুঘৰৰ কীৰ্তিমুখ (১৯৮৭) উপন্যাস
খোলাকটিৰ তাল (১৯৮৯) উপন্যাস
চীনৰ ছাত্ৰ আন্দোলন (১৯৯০)বুৰঞ্জীমূলক গ্ৰন্থ
ফাগুনত আজাৰৰ ফুল (১৯৯৩)উপন্যাস
বিপন্ন সময় (১৯৯৬)উপন্যাস
সপোন সপোন লাগে (১৯৯৮)
“য়াজু নদী পাৰ” এখন ভ্ৰমণ কাহিনী
