
💐💐খোজ পাব্লিকেশ্বনৰ দ্বাৰা প্ৰকাশিত কুসুমাঞ্জলি শৰ্মাৰ উপন্যাস “মেছিয়া”💐💐
অনন্য উপস্থাপন আৰু সাৱলীলভাৱে ৰচনা কৰা মেছিয়া এখন ব্যতিক্ৰমী উপন্যাস।
আত্মসন্মানবোধ উপন্যাসৰ অন্য এক বিষয়বস্তু।
এগৰাকী নাৰীৰ অবলা হ’ব পাৰে পৰিস্থিতি সাপেক্ষে।
কিন্তু সেই পৰিস্থিতিক হেলাৰঙে পাৰ কৰিব পৰাকৈ প্ৰতিগৰাকী নাৰীয়ে সৱল।
তাৰবাবে লাগিব নিজৰ ওপৰত আস্থা আৰু সাহস।
পৰ্বত সুন্দৰী মেছিয়াৰ জীৱনলৈ অহা অমানিশা দূৰ কৰিবলৈ মেছিয়াই দেখুওৱা সাহস আৰু ডাক্তৰ আৰিয়া ওৰফে আৰ্যনন্দিনীৰ কৰ্তব্য নিষ্ঠা, উদ্যমেৰে প্ৰাণৱন্ত এখন সফল উপন্যাস মেছিয়া।
সাৱলীলভাৱে ৰচনা কৰা, আকৰ্ষনীয় আৰু ব্যতিক্ৰমী চৰিত্ৰাংকনে মেছিয়া উপন্যাসখনি পঢ়ি পাঠক সমাজে অনন্য সোৱাদ পাব বুলি আমি আশাবাদী।

