
📕মুখাৰ নিচিনা~ ✍️ডঃ অমৰজ্যোতি চৌধুৰী
✨নতুন বছৰৰ উদযাপনৰ বাবে উলাহেৰে ৰৈ আছিল অৰূপৰ পৰিবাৰ লীনা।
হঠাতে তেওঁৰ মূৰটো ফাটি যাওঁ যাওঁ হ’ল বিষত। তেওঁক জুমুৰি দি ধৰিলে কোভিডৰ চিন্তাই।
বতৰৰ দুশ্চিন্তাই।
তেওঁলোকৰ মুখাৰ নিচিনা চৌহদতে উভালি পৰোঁ পৰোঁ যেন হ’ল নাৰিকল গছ এডাল।
শোৱাকোঠাৰ ভেটিলৈকে সোমাই আহিল শিপাবোৰ।
ঘৰটোৰ কাঠবোৰ ফোপোলা হৈ পৰিল।
সাপৰ নিচিনাকৈ এইবোৰ উৎকণ্ঠাই বগুৱাবাই আহিল লীনাৰ মনলৈ।
ইফালে অৰূপৰ বন্ধু অমৃতৰো কমখন দুশ্চিন্তানে?
নাতি বুলি লোৱা জাবৰ আৰু বাহ্বলী বাৰু কাৰ পক্ষত?
আৰক্ষীৰ নে ড্ৰাগছ ব্যৱসায়ীৰ?
অহৰহ কম্পিউটাৰৰ মাজতে থকা অমৃতক এতিয়া দুয়োফালৰপৰা চেপি আনিলে চাইবাৰ অপৰাধৰ ভয়ে।
ইফালে চিকিৎসাবিজ্ঞান পঢ়িবলৈ ইউক্রেইনলৈ যোৱা উমি পৰিলগৈ ভয়াৱহ যুদ্ধৰ মাজত। তাৰ মাজতে নোহোৱা হ’ল খবৰ যোগোৱা মুনি।
আঁকোৱা-পকোৱা এইবোৰৰ মাজেৰে কোন ঢালে বৈ গ’ল নতুন বছৰৰ প্ৰথম দুশটা দিন?
নাৰায়ণ ককাৰ স্কুলখনৰ ল’ৰা-ছোৱালীবোৰে সাধুত কেনেকৈ ধৰি ৰাখিলে সময়খিনিক?
লেখক অৰূপেই বা কি দেখিলে ঘটনাবোৰৰ দিগন্তত? ‘মুখাৰ নিচিনা’ উপন্যাসখন এইখিনি সময়ৰে জলছবি।
📌 ডাকযোগে ঘৰত পাবলৈ মণিকূট প্ৰকাশনৰ ৱাটচ্আপ নম্বৰ 70025 70169ত যোগাযোগ কৰিব পাৰে।

