গ্ৰন্থ – মিৰি জীয়ৰী

গ্ৰন্থকাৰ- ৰজনীকান্ত বৰদলৈ

‘মিৰি জীয়ৰী’ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ সাহিত্যিক জীৱনৰ প্ৰথম অৱদান।

প্ৰথম সামাজিক উপন্যাস হিচাপে মিৰি জীয়ৰী উপন্যাসখনে অসমীয়া সাহিত্য জগতত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে।

অসমৰ জনজাতি মিৰি সকলৰ সামাজিক, আৰ্থিক, আৰু ধৰ্মীয় জীৱনৰ বিভিন্ন দিশলৈ গভীৰভাৱে দৃষ্টি ৰাখি এহাল মিৰি ডেকা গাভৰুৰ দুই বেদনা পূৰ্ণ প্ৰণয় কাহিনীকলৈ উপন্যাস ৰচিছে।

উপন্যাসৰ নায়ক জংকি আৰু পানেই নায়িকা।

আৰু উপন্যাসৰ মূল বিষয়বস্তুৱেই হৈছে প্ৰেম।

এটা সময়ত মিৰি সকলৰ একুবিয়া স্ৱভাৱৰ বাবেই দুয়ো কিদৰে মৃত্যুক সাৱটি ল’ব লগা হ’ল সেয়া ফুটি উঠিছে।

ফলস্বৰূপে নিস্ৱাৰ্থ প্ৰেমৰ কৰুণ পৰিণতি ঘটিল। কিয়নো ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনো দুখ নাছিল।

দোষ আছিল সমাজৰ, সামাজিক ব্যৱস্থাৰ।

মূলতঃ সমাজ জীৱনক কেন্দ্ৰ কৰি এহাল ডেকা গাভৰুৰ মাজত হোৱা প্ৰেমৰ কৰুণ পৰিণতিৰ কাহিনীয়েই উপন্যাসৰ ঘাই উপজীৱ্য।

উপন্যাসৰ মাজেদি মিৰি সমাজৰ আৰ্থ সামাজিক দিশ, ধৰ্মীয় দিশ আদি সুন্দৰভাৱে ফুটি উঠিছে।

তদুপৰি তেওঁলোকৰ একুবিয়া আৰু অৰ্থলোভী স্ৱভাৱৰ বৰ্ণনাও সুন্দৰ ৰূপত ফুটি উঠিছে।

মিৰি সকলৰ এই একুবিয়া স্ৱভাৱটো যে বৰ বেয়া, এই স্ৱভাৱৰ বাবে সংস্কাৰ হোৱা যে নিতান্তই আৱশ্যক আৰু লোভৰ পৰিণাম যে ভয়ংকৰ হ’ব পাৰে উপন্যাসৰ জৰিয়তে বৰদলৈদেৱে তাকে ব্যক্ত কৰিছে।

জনজাতীয় ৰক্ষণশীল সমাজখনৰ ছবি ইয়াত প্ৰতিফলিত হৈছে।

ডালিমীৰ একপক্ষীয় প্ৰেমৰ সফল ছবি দাঙি ধৰাত ঔপন্যাসিকজন সফল হৈছে বুলি কব পাৰি।

উপন্যাসখনত সমসাময়িক গাচি মিৰি সকলৰ সমাজ ব্যৱস্থাৰ ছবি ও ফুটি উঠিছে।

জংকি আৰু পানেইক কামত লগোৱা, ৰায় দি নৃশংসভাবে হত্যা কৰা, তেওঁলোকৰ দয়া মমতা নোহোৱা , নিষ্ঠুৰতা, শাস্তি ব্যৱস্থা আদি সামাজিক দিশটো প্ৰকাশ পাইছে।

তদুপৰি সমাজত চলি থকা লোকাচাৰ, অলৌকিকতা, সপোনৰ বৰ্ণনা আদি সমাজৰ দিশসমূহ সুন্দৰ ৰূপত উপন্যাসখনত ফুটি উঠিছে।

আৰু ই সকলো শ্ৰেণীৰ পাঠকৰ বাবে সুখপাঠ্য হৈ পৰিছে, ঔপন্যাসিকজন সফল হৈছে।

                        ✍️❤️  ৰাজশ্ৰী বুঢ়াগোহাঁই

Leave a Reply

Your email address will not be published. Required fields are marked *