
🌹কবি প্ৰয়াগ শইকীয়াৰ মিচিক’: ধুনীয়া আৰু জ্ঞানী ছোৱালীজনী (এক কাব্যিক কথকতা) কাব্যিক অন্বেষণৰ এই নিবিড় যাত্ৰাত কবিয়ে অন্বেষণ কৰিছে প্ৰেমৰ অর্থ-বৈভৱ, স্পৰ্শ কৰিব বিচাৰিছে প্ৰেমৰ সেই আশ্চর্য-মধুৰ শিহৰণ— একেলগে— সপোনে দিঠকে, মৰমে-বিষাদে বাট বোলাৰ আকাংক্ষা।
মিচিক’: এক কাব্যিক কথকতা স্বপ্ন-স্মৃতি-প্রেম-এষণাৰ এক মূৰ্তিমন্ত প্ৰকাশ ৷
স্মৃতিৰ ধাৰেদি বৈ আহিছে নানা ৰঙৰ ফুলৰ সুৰভিৰ দৰে, দূৰদিগন্তত উজলি থকা ইন্দ্ৰধনুৰ দৰে স্বপ্ন-স্মৃতি-বিষাদতে তিতি থকা জীৱন-নিৰ্যাস।
কবিৰ জীৱন-জিজ্ঞাসাই হাত ধৰি লৈ গৈছে কাহিনীক ইতিহাসৰ ভঙা-গঢ়াৰ সাঁচ আঁকিবলৈ যি ইতিহাস সততে বাংময় দদী প্ৰাণৰ আত্মীয়তাৰ এনাজৰীত।
মিচিক’ : এক কাব্যিক কথকতা শৰীৰ ভাস্কৰ্যত খোদিত ৰৈছে পুৰাণ-কথিত লোককথা, ধর্মীয় শুভবাৰ্তাৰ বুলনি, চিকিৎসা-বিজ্ঞানৰ তথ্য-সম্ভাৰ, মানুহৰ প্ৰতি মানুহৰ সহমর্মিতাৰ চিৰন্তন অধ্যায়— যি পাঠকৰ হিয়া-মনত চিৰ জাগৰুক কৰি ৰাখিব পোহৰলৈ হাত মেলি দিয়াৰ আকাংক্ষা।
প্ৰেমৰ বন্দৰত খোজ দিয়া অন্তৰঙ্গ পৰিব্ৰাজক কবিৰ এই কাব্যিক কথকতাই পাঠকৰ হৃদয়তো সিঁচি দিব মঞ্জৰিত ফুলৰ পাপৰিত উজলি থকা নিয়ৰসিক্ত সুবাস— ভালপোৱাৰ সেই আকাশ-নীলা সৌৰভ ।
✍️ৰাতুল শইকীয়া।🌹🌹🌹🌹

