
“হৃদয়ৰ মৰ্মমূল বিদ্ধ কৰা এক বিষাদবোধ আৰু নৈৰাশ্যৰে গধূৰ কৰি ৰখা জ্যোতিষ শিকদাৰৰ গল্পসমূহ বিংশ শতাব্দীৰ তৰুণ প্ৰজন্মৰ লেখকসকলৰ সৃষ্টিৰ মাজত এক স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল হৈ উঠিছে।
জ্যোতিষ শিকদাৰেই সম্ভৱ একমাত্ৰ তৰুণ লেখক যিয়ে ব্যক্তি জীৱনৰ অসহায়তা, বিষাদ আৰু আশাহীনতাও যে বাস্তৱৰ ক্ৰুৰতাৰ প্ৰতি এক সূক্ষ্ম, মর্মস্পর্শী প্রতিবাদ হ’ব পাৰে, সেয়া সাব্যস্ত কৰিবলৈ সক্ষম হৈছে প্ৰতিবাদী শব্দৰ আশ্ৰয় নোলোৱাকৈয়ে।
জ্যোতিষ শিকদাৰৰ গল্পৰ পাঠৰ অভিজ্ঞতা ধীৰে ধীৰে সমুদ্ৰৰ অটল গৰ্ভত প্ৰৱেশ কৰাৰ অভিজ্ঞতাসদৃশ, গভীৰতা বঢ়াৰ লগে লগে বাঢ়ি আহে জলস্তম্ভৰ চাপ, শ্বাস-প্রশ্বাস ল’বলৈ কষ্ট হয়, উন্মোচিত হয় এক অদেখা জগত। হৃদয়ত অনুভৱ হয় সেই জগত আমাৰ নিজস্ব, চাবলৈ সঙ্কোচ কৰা মনোজগত।”
এশ বছৰৰ অসমীয়া গদ্য সাহিত্য, ১৯৯৯― এক বৌদ্ধিক যাত্রা
✍️🌹❤️ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
“শ্রীজ্যোতিষ শিকদাৰ এগৰাকী প্ৰতিষ্ঠিত কথা-সাহিত্যিক।
আশী দশকৰপৰা প্রান্তিক আদি আলোচনীত নিয়মীয়াভাৱে গল্প ৰচনা কৰি অহা শ্রীশিকদাৰৰ গল্পত প্ৰতিফলিত হৈছে বৃহত্তৰ মানৱ জীৱনৰ কিছুমান চিৰন্তন অসম্পূৰ্ণতা আৰু প্ৰাপ্তিৰ গভীৰ ব্যঞ্জনা।”
✍️🌹❤️ অসম লেখক কোষ
পঞ্চম খণ্ড অসম সাহিত্য সভা

